১০ গৰাকী লোকৰ উপস্থিতিত অনুষ্ঠিত কৰক বিবাহ ! আৰক্ষী অধীক্ষকে নিজৰ ঘৰতেই দৰা-কইনাক দিব বিশেষ Dinner ...

News18 Assam | News18-Assam
Updated:April 27, 2021, 1:22 PM IST
১০ গৰাকী লোকৰ উপস্থিতিত অনুষ্ঠিত কৰক বিবাহ ! আৰক্ষী অধীক্ষকে নিজৰ ঘৰতেই দৰা-কইনাক দিব বিশেষ Dinner ...
১০গৰাকী বা তাতকৈ কম অতিথিৰে আয়োজন কৰা বিবাহৰ দৰা-কইনাক বিশেষ নৈশ আহাৰৰ যোগান ধৰিব আৰক্ষী অধীক্ষকে ।

১০গৰাকী বা তাতকৈ কম অতিথিৰে আয়োজন কৰা বিবাহৰ দৰা-কইনাক বিশেষ নৈশ আহাৰৰ যোগান ধৰিব আৰক্ষী অধীক্ষকে ।

  • Share this:
দেশত কোভিডৰ সংহাৰৰ মাজতে চলি থকা বিবাহৰ অনুষ্ঠানে ভিন্ন স্থানত বিয়পাইছে কোভিডৰ সংক্ৰমণ । বিবাহ অনুষ্ঠানত চৰকাৰে নীতি নিৰ্দেশনা বান্ধি দিছে যদিও সেইবোৰ পালন কৰা হোৱা নাই বহু বিবাহ অনুষ্ঠানত ।

ইয়াৰ মাজতে মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা ৫০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভিন্দ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই কোভিড১৯ৰ নিয়ম মানি চলিবলৈ প্ৰদান কৰিছে এক নতুন ধাৰণা । ১০ বা তাতকৈ কম অতিথিৰে আয়োজন কৰা বিবাহ অনুষ্ঠানত দৰা আৰু কইনাক এক বিশেষ ঘৰুৱা নৈশভোজত আপ্যায়ন কৰিব আৰক্ষীয়ে । ৰাজ্য চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি সৰ্বাধিক ৫০ গৰাকী অতিথিৰ বিপৰীতে যদি ১০ গৰাকী অতিথিৰে বিবাহৰ কাৰ্যসূচী সমাপন কৰা হয় তেন্তে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা সোমবাৰে PTIক জনায় ভিন্দৰ আৰক্ষী অধীক্ষক মনোজ কুমাৰ সিঙে।

দৰাচলতে সামাজিক দূৰত্ব,মাস্ক বা অন্যান্য নিয়ম বজাই নৰখাকৈয়ে ভিন্দৰ কুৰথাৰা গাঁৱৰ এখন বিবাহ অনুষ্ঠানৰ নৃত্য ভাইৰেল হোৱাৰ পিছতে এই কথা ঘোষণা কৰে আৰক্ষী অধীক্ষক মনোজে । লগতে যিসকলে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাটো নিশ্চিত কৰিব আৰু দহ বা তাতকৈ কম অতিথিৰ উপস্থিতিত বিবাহৰ আয়োজন কৰিব, তেনে দৰা-কইনাক নিজৰ ঘৰত বিশেষ নৈশ আহাৰৰ যোগান ধৰাৰ কথা উল্লেখ কৰে এছপি সিঙে ।

লগতে তেওঁ কয়, "এনে ন-দম্পতীসকলক কোভিড ১৯ নিৰ্দেশনা পালন কৰাৰ বাবে একোখন স্মাৰকো প্ৰদান কৰা হ'ব আৰু তেওঁলোকক ঘৰত থোৱাৰ বাবে এখন চৰকাৰী বাহনো মোতায়েন কৰা হ'ব।"

এছপি সিঙৰ এই ঘোষণাৰ দুটা দিন ওকলি যোৱাৰ পিছতো এতিয়ালৈকে কোনো দম্পতীয়ে আৰক্ষীৰ এই বিশেষ ঘৰুৱা নৈশ আহাৰৰ বাবে প্ৰয়োজনীয় কাম কৰা নাই।
যদিও সিঙে কয় যে ৩০ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ'বলগীয়া এক দম্পতীয়ে অতিথিৰ সংখ্যা ১০ লৈ সীমিত কৰাৰ পৰিকল্পনা কৰিছে । যদি তেওঁলোকে এনে কৰে তেন্তে তেওঁ ন-দম্পতীক নিজৰ ঘৰত তেওঁৰ পৰিয়ালৰ সৈতে এক বিশেষ নৈশ আহাৰৰ যোগান ধৰাৰো কথা উল্লেখ কৰে ।

আৰক্ষী বিষয়াগৰাকীৰ এনে পদক্ষেপৰ কাৰণ হৈছে জিলাখনত ইতিমধ্যে ৪৪ টা কোভিড১৯ সংক্ৰমণৰ ঘটনা ৰুজু কৰা হৈছে আৰু এগৰাকী লোকৰ কোভিডৰ ফলতেই মৃত্যু হৈছে।
Published by: Kokil Sarma
First published: April 27, 2021, 1:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি