কৰোণা ভাইৰাছৰ প্ৰতিষেধক লাগে, মৰিগাঁৱৰ এইখন ক্লিনিকলৈ মানুহৰ সোঁত

News18 Assam | News18-Assam
Updated:February 8, 2020, 10:00 AM IST
কৰোণা ভাইৰাছৰ প্ৰতিষেধক লাগে, মৰিগাঁৱৰ এইখন ক্লিনিকলৈ মানুহৰ সোঁত
কৰোণা ভাইৰাছৰ ফলত ইতিমধ্যে মৃত্যু হৈছে ৭২২ জন লোকৰ

কৰোণা ভাইৰাছৰ ফলত ইতিমধ্যে মৃত্যু হৈছে ৭২২ জন লোকৰ

  • Share this:
চীনত এতিয়া মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে। কৰোণা ভাইৰাছৰ ফলত ইতিমধ্যে মৃত্যু হৈছে ৭২২ জন লোকৰ। চিকিৎসা বিজ্ঞানীসকলে প্ৰতি মুহূৰ্ততে কৰোণা ভাইৰাছৰ  প্ৰতিষেধক আৱিষ্কাৰ কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সময়তে চৰ্চালৈ আহিছে মৰিগাঁৱৰ এজন হোমিও চিকিৎসক।

মৰিগাঁৱৰ হোমিও চিকিৎসক  ডাঃ ৰঞ্জিত কুমাৰ নাথে প্ৰদান কৰিছে  কৰণা ভাইৰাছৰ হোমিওপেথিক প্ৰতিষেধক। কৰোণা ভাইৰাছৰ  আগতীয়া প্ৰতিষেধকৰ বাবে মৰিগাঁৱৰ হোমিও চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ  ক্লিনিকলৈ এতিয়া সোঁত বৈছে মানুহৰ ।

আন্তৰাষ্ট্ৰীয় প্ৰৰ্যায়ৰ খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথ ৷ চিকিৎসকগৰাকীয়ে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে আৰ্চেনিক এলব’ নামৰ ঔষধ  মৰিগঁৱৰ জনসাধাৰণক কৰোণা ভাইৰাছৰ  আগতীয়া প্ৰতিষেধক হিচাপে সামান্য মূল্যৰ বিনিময়ত প্ৰদান কৰি আহিছে ৷

হোমিও চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ পৰা ইতিমধ্যে বহু লোকে কৰোণা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক লোৱাৰ উপৰিও বহুকেইটা স্বেচ্ছাসেৱী সংগঠনে চিকিৎসকগৰাকীৰ পৰা ঔষধ ক্ৰয় কৰি ৰাইজৰ মাজত বিতৰণ কৰি আহিছে বুলি জানিব পৰা গৈছে। 
Published by: Himangshu Bhuyan
First published: February 8, 2020, 10:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading