মুখ্যপৃষ্ঠা » খবৰ

» Corona

»আমেৰিকাত এদিনতে ১৯ হাজাৰ লোক কোৰোণাত আক্ৰান্ত, লকডাউন নকৰে ট্ৰাম্পে

আমেৰিকাত এদিনতে ১৯ হাজাৰ লোক কোৰোণাত আক্ৰান্ত, লকডাউন নকৰে ট্ৰাম্পে

News18 Assam | News18-Assam
Updated:March 29, 2020, 4:31 PM IST
আমেৰিকাত এদিনতে ১৯ হাজাৰ লোক কোৰোণাত আক্ৰান্ত, লকডাউন নকৰে ট্ৰাম্পে
Photo : aljazeera

ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে নিউয়ৰ্ক, নিউ জাৰ্ছী আৰু কানেক্টিকাটত লকডাউন ঘোষণা নকৰাৰ ঘোষণাই আচৰিত কৰিছে সকলোকে।

  • Share this:
আমেৰিকাত কোৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ কেন্দ্ৰ নিউয়ৰ্ক চহৰত। আমেৰিকাৰ কোৰোণাত আক্ৰান্তৰ সংখ্যা ১ লাখ ২৩ হাজাৰতকৈ অধিক হৈছেগৈ। এতিয়ালৈ মৃত্যুক সাবটি লৈছে ২২০০ৰো অধিক লোকে। ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে নিউয়ৰ্ক, নিউ জাৰ্ছী আৰু কানেক্টিকাটত লকডাউন ঘোষণা নকৰাৰ ঘোষণাই আচৰিত কৰিছে সকলোকে। ট্ৰাম্পে পূৰ্বে লকডাউনৰ ঘোষণা কৰিছিল যদিও শনিবাৰে নিশা টুইট কৰি এই সিদ্ধান্ত উঠাই লয়।

ট্ৰাম্পে শনিবাৰে নিশা টুইট কৰি কয় যে যাত্ৰা পৰামৰ্শ জাৰি কৰাটোহে ভাল উপায়। যাত্ৰা পৰামৰ্শত এই তিনি ৰাজ্যৰ বাসিন্দাসকলক আগন্তুক দুসপ্তাহলৈ অত্যন্ত প্ৰয়োজনীয় কাম নাথাকিলে কোনো ধৰণৰ যাত্ৰা নকৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ মাজতে নিউয়ৰ্কৰ গভৰ্ণৰে নিউয়ৰ্কত হ’বলগীয়া প্ৰাইমাৰী নিৰ্বাচন এপ্ৰিলৰ সলনি জুনত হ’ব বুলি ঘোষণা কৰিছে।

বিশ্বত কোৰোণা ভাইৰাছত অধিক লোক সংক্ৰমিত হৈছে আমেৰিকাত। শনিবাৰে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ভংগ কৰিলে অভিলেখ। মাত্ৰ ২৪ ঘণ্টাত আমেৰিকাত ৫২৫জন লোকৰ মৃত্যু হয় শনিবাৰে। মৃত্যুৰ সংখ্যা মাত্ৰ তিনিদিনত দুগুণ হৈছে।
Published by: Sanjay Kumar Das
First published: March 29, 2020, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি