কোৰোণাই ধংস কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱন। একালৰ বিখ্যাত শিল্পী এতিয়া হ'লগৈ দিন মজুৰি কৰা শ্ৰমিক।

News18 Assam | News18-Assam
Updated:June 11, 2021, 1:45 PM IST
কোৰোণাই ধংস কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱন। একালৰ বিখ্যাত শিল্পী এতিয়া হ'লগৈ দিন মজুৰি কৰা শ্ৰমিক।
দিন হাজিৰা কৰিবলৈ নামাতে শিল্পীগৰাকীক , বহু কাকূতি-মিনতি কৰিলেহে কাৰোবাৰ ঘৰত কাম কৰিবলৈ পায় বিশ্বদেৱ দাসে।

দিন হাজিৰা কৰিবলৈ নামাতে শিল্পীগৰাকীক , বহু কাকূতি-মিনতি কৰিলেহে কাৰোবাৰ ঘৰত কাম কৰিবলৈ পায় বিশ্বদেৱ দাসে।

  • Share this:
কাল কোৰোণাই  বহুলোকৰ জীৱনলৈ নমাই আনিছে মৃত্যুসম যন্ত্ৰণা। সলাই পেলাইছে জীৱন আৰু জীৱিকাৰ পথ।ৰাজ্যখনৰ এচাম শিল্পীৰো অনুৰূপ অৱস্থা হোৱা দেখা গৈছে।এসময়ৰ বিখ্যাত শিল্পীয়ে এতিয়া দিন হাজিৰাৰ দৰে কাম কৰি কৰিবলৈও হাহাকাৰ কৰিবলগা লগা অৱস্থা হৈছে।

বাক্সা জিলাৰ থমনা উজীৰবাৰী গাঁওৰ বিশ্বদেৱ দাস এসময়ৰ বিখ্যাত গীতাৰ বাদক ৷ তেওঁৰ আঙুলিত ঝংকাৰিত হৈছিল অমিয়া সুৰ ৷ ১৯৮১ চনৰ পৰা ৩৯  বছৰে ৰাজ্যৰ আগশাৰীৰ প্ৰতিখন ভ্ৰাম্যমান থিয়েটাৰতে গীতাৰ বাদক হিচাপে আছিল বিশ্বদেৱ দাস ৷  কিন্তু কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে ভ্ৰাম্যমান থিয়েটাৰ  সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত জীৱন-জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰে বিশ্বদেৱ মহন্তৰ ৷ বাদ্যযন্ত্ৰী হিচাপে লাভ কৰা ধনেৰে চলা তেওঁলোকৰ সৰু পৰিয়ালটোৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ।

দিন হাজিৰা কৰিবলৈ নামাতে শিল্পীগৰাকীক ,কাকূতি-মিনতি কৰিলেহে কাৰোবাৰ ঘৰত কাম কৰিবলৈ পায় । তেওঁ দুখ প্ৰকাশ কৰি কয়,  "ভৱিষ্যতে থিয়েটাৰ যে আৰম্ভ হব তাৰ নিশ্চয়তা নাই ৷ বৰ্তমান সময়ত ভ্ৰাম্যমান থিয়েটাৰ সমূহ গ্লেমাৰ সৰ্বস্ব ৷ গ্ৰেমাৰ থকা শিল্পীৰহে খা- খবৰ ৰাখে সকলোৱে ৷ আমাৰ দৰে সাধাৰণ লোকৰ খবৰ ল'বলৈ কাৰোৰে সময় নাই ৷"

ইতিহাস, ভাগ্যদেৱী, ৰাজতিলক, কহিনুৰ, বৰদৈচিলা, শংকৰদেৱকে ধৰি বাৰ- তেৰখন  আগশাৰীৰ থিয়েটাৰত বাদ্যযন্ত্ৰী হিচাপে লাভ কৰি বিশেষ সমাদৰ পাইছিল বিশ্বদেৱ দাসে  ৷ সেই সময়চোৱাত দাসে সান্নিধ্য লাভ কৰা নন্দ বেনাৰ্জী, যতীন দাস, ৰিদিপ দত্তকে ধৰি ৰাজ্যৰ বিখ্যাত সংগীতজ্ঞ তথা অভিনেতা- অভিনেত্ৰী সকলক সোঁৱৰি যথেষ্ট আবেগিক হোৱা দেখা গ'ল ৷
Published by: Manjumoni Borah
First published: June 11, 2021, 1:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি