কোৰোণাতংকঃকাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ দায়িত্বজ্ঞানহীন কাণ্ড

News18 Assam | News18-Assam
Updated:March 23, 2020, 5:39 PM IST
কোৰোণাতংকঃকাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ দায়িত্বজ্ঞানহীন কাণ্ড
বিধায়কৰ কাণ্ডত ক্ষুব্ধ সতীৰ্থ।

বিধায়কৰ কাণ্ডত ক্ষুব্ধ সতীৰ্থ।

  • Share this:
চৌদিশে কোৰোণা ভাইৰাছৰ আতংক। কোৰোণাৰ সজাগতাৰ বাবেই দেওবাৰে দেশবাসীয়ে জনতাৰ সান্ধ্য আইন পালন কৰিলে। তাৰ এদিন পিছতেই সোমবাৰে দুপৰীয়া জিয়ৰীৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ পৰা আহি দিশপুৰৰ আৱাসগৃহত সোমাল কাটলিচেৰা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক সুজামুদ্দিন লস্কৰ। যিসময়ত COVID-19 ত ভাৰতত আক্ৰান্তৰ সংখ্যা ৪১৫ লৈ আৰু মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে সেই সময়তে বহিঃ ৰাজ্য বিশেষকৈ অন্ধ্ৰ প্ৰদেশৰ পৰা বৰঝাৰলৈ আহি তাৰ পৰা পোনে পোনে বিধায়কৰ আৱাসসগৃহলৈ অহাটো কিমানদূৰ সমীচিন হৈছে বুলি প্ৰশ্ন কৰিছে দিশপুৰৰ আনসকলে।

যি সময়ত চৰকাৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সকলোকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ অনুৰোধ জনাইছে সেইসময়তে এগৰাকী দায়িত্বশীল জনপ্ৰতিনিধি হৈ কিয় আৰু দুসপ্তাহ অন্ধ্ৰপ্ৰদেশতে নাথাকি গুৱাহাটীলৈ ঘুৰি আহিছে, ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিধায়কৰ আৱাসগৃহতো। অসম বিধান সভাৰ বিধায়কৰ আৱাগৃহ চৌহদৰ মুল প্ৰবেশ দ্বাৰৰ বাহিৰত চিকিৎসকৰ দল বা চেনিটাইজ কৰাৰ কোনো ব্যৱস্থা নাই তাৰ মাজতেই অন্ধ্ৰ প্ৰদেশৰ পৰা বিধায়কে আহি আৱাসগৃহত প্ৰবেশ কৰা কাৰ্য্যক সহজভাৱে লব পৰা নাই সতীৰ্থ বিধায়ক সকলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading