ক'ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ সমগ্ৰ দেশতে দ্ৰুতগতিত বিয়পি আছে। ইয়াৰ ফলত চিকিৎসালয়ত দেশজুৰি বিচনা, অক্সিজেন, কিছুমান বেজী আৰু ঔষধৰ অভাৱ হোৱাৰ খবৰ পোৱা গৈছে। ক'ৰোনাৰ এই দ্বিতীয় ঢৌৰ দ্বাৰা মহাৰাষ্ট্ৰও আটাইতকৈ বেছি প্ৰভাৱিত হৈছে।
মহাৰাষ্ট্ৰত, সাধাৰণ লোকৰ লগতে চলচ্চিত্ৰ উদ্যোগত ভাইৰাছৰ দ্বিতীয় ঢৌ দিনক দিনে বৃদ্ধি পাইছে কিয়নো বলীউড আৰু টিভি অভিনেতাসকল ক'ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ আছে। ৰণবীৰ কাপুৰ, কাৰ্তিক আৰিয়ান, মনোজ বাজপেয়ী, আৰ মাধৱন, পৰেশ ৰাৱাল, আমিৰ খান, অক্ষয় কুমাৰ, আলিয়া ভাট, গোবিন্দ আৰু পূজা হেগড়ে, কুমুদ মিশ্ৰ, হিনা খান কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰে বহুতো শিল্পীয়ে এতিয়া ক'ৰোনাক পৰাস্ত কৰি এক স্বাস্থ্যকৰ জীৱন যাপন কৰি আছে।
ইয়াৰ মাজতে এক খবৰ ওলাইছিল যে মিথুন চক্ৰৱৰ্তী ক'ৰোনাত আক্ৰান্ত হৈছে। তেওঁ ঘৰত নিজকে কোৱাৰেণ্টাইন কৰিছে। কিন্তু শেহতীয়াকৈ এই খবৰ সত্য নহয় বুলি জনাইছে মিথুন চক্ৰৱৰ্তীয়ে। মিথুন চক্ৰৱৰ্তীয়ে স্পষ্ট কৰে যে তেওঁ কোভিড-19ত আক্ৰান্ত হোৱা নাই। ইয়াৰ লগে লগে ফ্লিমফেয়াৰেও টুইটযোগে জনায় এই খবৰ।
Published by: Kokil Sarma
FIRST PUBLISHED : April 27, 2021, 16:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|