২৫বছৰীয়া যুৱতীক বৰ্ণবৈষম্যবাদী আক্ৰমণ কৰিছিল দুৰ্বৃত্তই।
২৫বছৰীয়া যুৱতীক বৰ্ণবৈষম্যবাদী আক্ৰমণ কৰিছিল দুৰ্বৃত্তই।
দিল্লীত মণিপুৰৰ যুৱতীলৈ উদ্দেশ্যি কোৰোণা বুলি চিঞৰি তাৰ পাছত যুৱতীগৰাকীৰ গাত পিকাই পলায়ন কৰা দুৰ্বৃত্তক অৱশেষত গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে । মডেল টাউনৰ নিবাসী ৪০ বছৰীয়া গৌৰৱ বহৰা নামৰ দুৰ্বৃত্তটোক বুধবাৰে কৰায়ত্ত কৰে গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে । গৌৰৱে ব্যৱহাৰ কৰা বগা স্কুটি খনো জব্দ কৰিছে দিল্লী আৰক্ষীয়ে ।
দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৰ বিজয় নগৰত দেওবাৰে নিশা গৌৰবে মণিপুৰৰ এগৰাকী ২৫বছৰীয়া যুৱতীক উদ্দেশ্যি কোৰোণা ভাইৰাছ বুলি চিঞৰি গাত পিকাই পলায়ন কৰিছিল । গৌৰৱ এখন বগা Scooty ত আহিছিল । মুখাৰ্জী নগৰ আৰক্ষী থানাই এই সন্দৰ্ভত ধাৰা ৫০৯ ৰ অধীনত এক গোচৰ ৰুজু কৰিছিল ।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|