‘নামাজ ঘৰতে পঢ়ক’, ৰাজহুৱা স্থানত ভিৰ নকৰিবঃ হিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:March 17, 2020, 9:06 PM IST
‘নামাজ ঘৰতে পঢ়ক’, ৰাজহুৱা স্থানত ভিৰ নকৰিবঃ হিমন্ত বিশ্ব শৰ্মা
মঙলবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক লগত লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেঞ্চ যোগে জিলা উপায়ুক্ত সকলৰ সৈতে বৈঠকত মিলিত হয়।

মঙলবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক লগত লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেঞ্চ যোগে জিলা উপায়ুক্ত সকলৰ সৈতে বৈঠকত মিলিত হয়।

  • Share this:
বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোণা ভাইৰাছক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে ক’ৰোণা ভাইৰাছক ভয়াৱহতালৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বহু কেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে জিলা উপায়ুক্ত সকলক ৷ মঙলবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক লগত লৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেঞ্চ যোগে জিলা উপায়ুক্ত সকলৰ সৈতে বৈঠকত মিলিত হয়।

মন্ত্ৰী শৰ্মাই কয় যে, ‘অসমত এতিয়ালৈকে  ক’ৰোণা ভাইৰাছৰ কোনো পজিটিভ কেচ নাই। যিকেইটা কেছ আছিল,সকলো নিগেটিভ । স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু । এতিয়াৰ পৰা বিমানবন্দৰ সমূহত সকলো যাত্ৰীক পৰীক্ষা কৰিব লাগিব । পূৰ্বে পৰ্যটককহে পৰীক্ষা কৰা হৈছিল । বুধবাৰৰ পৰা MPW, NHM, চিকিৎসকৰ দল,দণ্ডাধীশ থাকিব লাগিব বিমানবন্দৰত।’

ভিডিঅ' কনফাৰেঞ্চতে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে পৰ্যাপ্ত পৰিমাণে থাৰ্ম'মিটাৰ আৰু থাৰ্মেল কিনিবলৈ নিৰ্দেশ দিলে জিলা উপায়ুক্ত সকলক ৷ পুঁজিৰ অভাৱ নাই বুলি স্পষ্ট কৰি NF ৰে'লৱেক সহযোগিতা কৰিবলৈও জনালে আহ্বান । ষ্টেচন সমূহতো থাৰ্ম'মিটাৰলৈ যাত্ৰীক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিলে চৰকাৰে । যিসকলৰ দেহত জ্বৰ থাকিব, সেইসকলক তাৎক্ষণিক ভাৱে হাস্পতাললৈ নি পৰীক্ষা কৰিব লাগিব । বাহিৰৰ পৰা অহা সকলক চিনাক্ত কৰিবলৈও দিছে নিৰ্দেশ ৷ আৰু কোনো লক্ষণ নাথাকিলেও ৰোগৰ পাদুৰ্ভাৱ থকা ঠাইৰ পৰা অহা লোকক ১৪ দিনৰ বাবে ঘৰত অকলশৰীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগিব, যদি ইয়াৰ মানুহ নহয় তেতিয়া তেওঁক নিৰ্দিষ্ট ঠাইত  প্ৰশাসনে ৰাখিব, লগতে স্বাস্থ্য পৰীক্ষা চলি থাকিব ১৪ দিন। ইয়াৰ পাছত পজিটিভ ওলালে চিকিৎসা চলিব ৷

আনহাতে ৰে'লষ্টেচন, বিমানবন্দৰ আদিত উপায়ুক্তৰ তদাৰকত ৮ ঘণ্টাকৈ পৃথকে চলাই থাকিব লাগিব পৰীক্ষা ৷ ৮ ঘণ্টাকৈ সকলোকে কৰ্তব্যত নিয়োজিত কৰিবলৈ নিৰ্দেশ উপায়ুক্তক ৷ MPW, NHMৰ কৰ্মচাৰীৰ খোৱা বোৱা থকাৰ ব্যৱস্থা কৰি দিব লাগিব উপায়ুক্তই। অকল বিমানবন্দৰ বা ৰে'ল ষ্টেচনতে নহয় লগতে এতিয়াৰে পৰা লেণ্ডপ'ৰ্ট সমূহতো একেধৰণে পৰীক্ষা চলিব । যদি পজিটিভ ওলাই তেতিয়া ৰোগীজনক পৃথককৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব ।

কাইলৈৰ পৰা সকলোধৰণৰ অনুষ্ঠান,মেল মিটিং,পাৰ্টি ,আড্ডা বন্ধৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ৷ কোনো ধৰণৰ জনসমাগম যাতে নহয়, সেই ক্ষেত্ৰত কঠোৰ হ’বলৈ নিৰ্দেশ উপায়ুক্ত সকলক । পূজা,নাম,নামাজ সকলোতে ১০জনতকৈ অধিক লোক সমবেত নহ'বলৈও আহ্বান। নামাজ পৰাপক্ষত ঘৰতে পঢ়িবলৈ আহ্বান মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ইতিমধ্যে এই সম্পৰ্কত সকলোকে বুজাবলৈ নিৰ্দেশ দিয়া হৈছে জিলা উপায়ুক্ত সকলক ৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোণাক লৈ মেডিকেল ইমাৰজেঞ্চী ঘোষণা কৰি জিলা উপায়ুক্ত সকলক ২৪ঘণ্টাই সচেতন হৈ থাকিবলৈও নিৰ্দেশ দিছে চৰকাৰৰে ৷
Published by: Himangshu Bhuyan
First published: March 17, 2020, 9:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading