স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা, আপুনি জনাটো অতি প্ৰয়োজন

News18 Assam | News18-Assam
Updated:March 26, 2020, 11:00 AM IST
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা, আপুনি জনাটো অতি প্ৰয়োজন
দেশৰ আন ৰাজ্যৰ লগতে অসমতো কোৰোণাক প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা হৈছে উপযুক্ত ব্যৱস্থা।

দেশৰ আন ৰাজ্যৰ লগতে অসমতো কোৰোণাক প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা হৈছে উপযুক্ত ব্যৱস্থা।

  • Share this:
সমগ্ৰ বিশ্বতে কোৰোণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। ভাৰতত বৰ্তমানলৈ ১৩জন লোকে প্ৰাণ হেৰুৱাইছে মাৰাত্মক কোৰোণাত। এই মাৰাত্মক ভাইৰাছ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ বাবে সমগ্ৰ দেশতে ঘোষণা কৰিছে লকডাউন। দেশৰ আন ৰাজ্যৰ লগতে অসমতো কোৰোণাক প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা হৈছে উপযুক্ত ব্যৱস্থা। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰোণা ভাইৰাছক লৈ কৰিছে কেতবোৰ গুৰুত্ব ঘোষণা। কি ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

১) GMCHত কেৱল কোৰোণা আক্ৰান্ত লোকৰ চিকিৎসা চলিব। ৩০খন নতুন ICU বেডৰ ব্যৱস্থা।
২) MMCHত কোৰোণাৰ চিকিৎসাৰ বাবে ১৫০ বিছনা। ১০খন আই চি ইউ বিছনা সাজু। MMCHত প্ৰসূতি আৰু সংলগ্ন বিভাগৰ বাহিৰে আন সকলো বিভাগ বন্ধ।

৩) নেহৰু ষ্টেডিয়াম, সৰুসজাই ষ্টেডিয়ামত ১০০০ খনকৈ বিচনাসহ Quarantine কেন্দ্ৰ সাজু।
৪) সোণাপুৰত থকা জিলা হাস্পতাল কেৱল কোৰোণা চিকিৎসাৰ বাবে সাজু৷ নতুনকৈ ১০খন ICU বেড সংযোজন৷
৫) গুৱাহাটীৰ কালাপাহাৰত থকা Infectious Diseases Hospitalত কোৰোণাৰ চিকিৎসা হ’ব।
৬) কামৰূপৰ শিঙিমাৰী আদৰ্শ হাস্পতাল, জালুকবাৰীৰ আয়ুৰ্বেদিক হাস্পতাল কেৱল কোৰোণা চিকিৎসাৰ বাবে সাজু৷

৭) চাবুৱাৰ টাটা ৰেফাৰেল হাস্পতাল কেৱল কোৰোণাৰ চিকিৎসাৰ বাবে সাজু৷
৮) অসমক ২০০ ভেণ্টিলেটৰ যোগান ধৰাৰ ঘোষণা টাটাৰ।
৯) অসমৰ বাহিৰত থকা অৱস্থাপন্ন অসমীয়াক ভেণ্টিলেটৰ, Personal Protection Equipment যোগান ধৰাৰ বাবে আহ্বান৷
১০) ৰাজ্যত মুঠ ছখন চিকিৎসালয় Isolation Hospitalলৈ ৰূপান্তৰ।
১১) কোৰোনাৰ বাহিৰে আন ৰোগীৰ চিকিৎসাৰ দায়িত্ব কান্ধ পাতি ল’বলৈ ব্যক্তিগত চিকিৎসালয়ক আহ্বান স্বাস্থ্য মন্ত্ৰীৰ। দৰিদ্ৰ লোকৰ ব্যক্তিগত চিকিৎসালয়ৰ ব্যয় চৰকাৰে পৰিশোধ কৰাৰ প্ৰস্তাৱ।
আৰু চাওক
পৰৱৰ্তী বাতৰি