কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ কেনেদৰে সাজু অসম? ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:March 23, 2020, 10:55 PM IST
কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ কেনেদৰে সাজু অসম? ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
এই মুহূৰ্তলৈ অসমত এজনো কোৰোণা আক্ৰান্ত ৰোগী ধৰা পৰা নাই যদিও সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷

এই মুহূৰ্তলৈ অসমত এজনো কোৰোণা আক্ৰান্ত ৰোগী ধৰা পৰা নাই যদিও সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷

  • Share this:
বিশ্বজুৰি অব্যাহত আছে কোৰোণাৰ সংহাৰ৷ এই মুহূৰ্তলৈ অসমত এজনো কোৰোণা আক্ৰান্ত ৰোগী ধৰা পৰা নাই যদিও সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ জনতা ভৱনত সোমবাৰে সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয়, 'অসমৰ গোটেইকেইখন মেডিকেল কলেজ এই পৰিস্থিতিৰ বাবে সাজু কৰা হৈছে৷ শিলচৰৰ বাদে গোটেইকেইখন মেডিকেল কলেজত মই বুজ লৈছো৷'

GMCHৰ চকু চিকিৎসা বিভাগ বন্ধ কৰি কোৰোণা চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ অৱশ্যে এই সময়চোৱাত জনসাধাৰণে চকু চিকিৎসাৰ বাবে শংকৰদেৱ নেত্ৰালয়লৈ যাব পাৰিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়, 'প্ৰয়োজনত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালো কোৰোণা চিকিৎসা হাস্পতাল কৰা হ'ব৷ যদিহে কোৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় তেন্তে হোটেল, হোষ্টেল, কলেজতো তাৎক্ষণিক কোৰোণা হাস্পতাল স্থাপনৰ বাবে ব্যৱস্থা কৰা হ'ব৷'

সোণাপুৰৰ হস্পিতালখন কোৰোণা ভাইৰাছ চিকিৎসালয় কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই মুহুৰ্তলৈকে কোৰোণাৰ বাবে মুঠ ১৫০ ICU বেড সাজু কৰা হৈছে৷ এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈ থাকিব৷ ইয়াৰোপৰি, ১ এপ্ৰিলৰ পৰা খাদ্য সুৰক্ষাৰ অধীনত ৰেচনৰ চাউল বিনামূলীয়া কৰিবলৈ চৰকাৰে চেষ্টা কৰি আছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্বই৷
আৰু চাওক
পৰৱৰ্তী বাতৰি