কোৰোণা ভাইৰাছক লৈ কি ব্যৱস্থা লৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

News18 Assam | News18-Assam
Updated:March 17, 2020, 9:59 AM IST
কোৰোণা ভাইৰাছক লৈ কি ব্যৱস্থা লৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
মন্ত্ৰী শৰ্মাই সকীয়াই কয়, “মাস্ক, চেনিটেইজাৰ চৰকাৰৰ ওচৰত যথেষ্ট আছে৷ স্থানীয়ভাৱে চেনিটেইজাৰ বনোৱাৰ ব্যৱস্থা কৰা হ'ব ৷’’

মন্ত্ৰী শৰ্মাই সকীয়াই কয়, “মাস্ক, চেনিটেইজাৰ চৰকাৰৰ ওচৰত যথেষ্ট আছে৷ স্থানীয়ভাৱে চেনিটেইজাৰ বনোৱাৰ ব্যৱস্থা কৰা হ'ব ৷’’

  • Share this:
স্বাস্থ্য-শিক্ষা-গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনত সংবাদমেল পাতি কোৰোণা ভাইৰাছক লৈ ৰাজ্য চৰকাৰে লোৱা কেতবোৰ ব্যৱস্থাৰ কথা সদৰি কৰে৷ হিমন্ত বিশ্ব শৰ্মাই কয় – “কোৰোণা ভাইৰাছৰ সমগ্ৰ বিশ্বতে যি সংক্ৰমণ হৈছে, তাৰ পৰা ভাৰতেও ৰেহাই পোৱা নাই৷ কিন্তু অসমত এজনৰো পজিটিভ পোৱা নাই৷ পুনেলৈ আমি অসমৰ পৰা দুটা চেম্পল পঠাইছিলো৷’’

‘এতিয়া GMCH, যোৰহাট মেডিকেল কলেজ হাস্পতালৰ লেবৰেটৰী, লাহোৱালত চেম্পল পৰীক্ষা কৰাৰ স্বীকৃতি পাইছে৷ মুঠ ছয়টা হ'ব লেবৰেটৰী অসমত৷ GMCHত ২৯ৰ পৰীক্ষা কৰা হয়, ২৮ টা নিগেটিভ হয় ৷ বাকী এটা ৰিজাল্ট ওলোৱা৷ লাহোৱালত ছয়টা নিগেটিভ পোৱা গৈছে৷ যোৰহাটত তিনিটা পৰীক্ষা কৰা হৈছে’, সংবাদমেলত ক'লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

কোৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত মন্ত্ৰী হিমন্তই ক'লে, “৫০৭ খন আইছলেটেড বেড ৰেডী আছে৷ ইকুইপ্তমিণ্ট প্ৰয়োজনীয়খিনি আমাৰ আছে৷ ২৬৯ ভেনটিলেচন চৰকাৰী হাস্পতালত ৰেডি আছে৷’

“বিমান বন্দৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে বিদেশী পৰ্যটকৰ বাবেহে পৰীক্ষা কৰা হৈছিল৷ কিন্ত এতিয়া দেশৰ আভ্যন্তৰীণত বিয়পাত আমি গুৱাহাটী, যোৰহাট, শিলচৰ বিমানবন্দৰত সকলো যাত্ৰীকে পৰীক্ষা কৰা হ'ব৷ স্কুল বন্ধ কৰা হৈছে যদিও শিক্ষকসকলে স্কুলৰ কাষৰ গাঁৱত সজাগতা সভা পাতিব৷ মিড দে মিল বন্ধ নহয়৷ স্কুল অহা ছাত্ৰছাত্ৰীয়ে খাব পাৰিব,” ক'লে স্বাস্থ্য মন্ত্ৰীয়ে ৷

“অসমৰ বহু দুৰ্গম অঞ্চল আছে৷ কোৰোণা ভাইৰাছ বিয়পিলে স্বাস্থ্য বিভাগে নিয়ন্ত্ৰণ কৰাটো জটিল হ'ব৷ সেয়ে ৰাইজে সজাগ হওক৷ হেণ্ডচেক দিয়াৰ সলনি নমস্কাৰ কৰক৷ স্কুটাৰত যদি এজন গ'লেই হয়, তেন্তে অকলেই যাওক৷ কাৰোবাৰ যদি এই ভাইৰাছ হৈছে, তেন্তে লুকুৱাই নাৰাখিব৷ নহ'লে ঘৰতো বিয়পিব ৷” কয় স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই ৷

নিজক বচাই ৰখাটো জৰুৰী বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰীয়ে ক'লে, “আপোনাৰ সৰ্তীথৰ দেহত কিবা কোৰোণা ভাইৰাছৰ লক্ষণ দেখিলে লগে লগে তেওঁক চিকিৎসালয়লৈ নিব৷ ৰাইজে ভয় খাব নালাগে৷ জনজীৱন স্তব্ধ কৰিব নালাগে৷ মানুহে মানুহৰ পৰা এক মিটাৰ দূৰত্ব ৰক্ষা কৰক ৷”

“BTC নিৰ্বাচন এটা আয়োগৰ কথা ৷ নিৰ্বাচন অনুষ্ঠিত নহ'লে BTC শাসন কোনে চলাব? ৰাজনৈতিক দলসমূহে বিশেষভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব লাগে ৷ নিৰ্বাচন পিচুৱাব নে নাই সেই কথা বিভাগৰ পৰামৰ্শ আহিব লাগিব,” ক'লে ডঃ শৰ্মাই ৷

“বিমানবন্দৰত বহুতেই ক'ৰোণা ভাইৰাছৰ পৰীক্ষা কৰিব নিবিচাৰে৷ আমি জোৰ কৰি পৰীক্ষা কৰাব নোৱাৰো৷ স্কুল বন্ধ হ'লেও স্কুল যাব লাগিব৷ স্কুলৰ কাষৰ গাঁৱত সজাগতা সভা পাতিব লাগিব৷ ব’ৰ্ড, বিশ্ববিদ্যালয়ৰ পৰীক্ষা বন্ধ নহয়৷ মহৰ্ষি বিদ্যামন্দিৰে যদি চৰকাৰী নিৰ্দেশনা নামানে, তেন্তে চৰকাৰে ব্যৱস্থা ল'ব৷ প্ৰয়োজনত বন্ধ হৈ যাব মহৰ্ষি,” সংবাদমেলত সদৰি কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷

লগতে মন্ত্ৰী শৰ্মাই সকীয়াই কয়, “মাস্ক, চেনিটেইজাৰ চৰকাৰৰ ওচৰত যথেষ্ট আছে৷ স্থানীয়ভাৱে চেনিটেইজাৰ বনোৱাৰ ব্যৱস্থা কৰা হ'ব ৷ যিসকলে মাস্ক আৰু চেনিটেইজাৰৰ দাম বঢ়াইছে, আমি ব্যৱস্থা গ্ৰহণ কৰিম৷ দিল্লী চৰকাৰ বেলেগ বিশ্বত থাকে, আমাৰ চৰকাৰ বেলেগ৷’’
Published by: Sanjay Kumar Das
First published: March 17, 2020, 9:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading