মোৰ হাতত দৰমহা দিয়াৰ টকাখিনিহে আছে, লক ডাউন আৰু বাঢ়িলে কি হ'ব? মোৰ হাতত উত্তৰ নাই : হিমন্ত বিশ্ব

News18 Assam | News18-Assam
Updated:March 24, 2020, 5:37 PM IST
মোৰ হাতত দৰমহা দিয়াৰ টকাখিনিহে আছে, লক ডাউন আৰু বাঢ়িলে কি হ'ব? মোৰ হাতত উত্তৰ নাই : হিমন্ত বিশ্ব
মন্ত্ৰীগৰাকীয়ে কয় – ‘Personal Protective Equipment চিকিৎসক সকলক লাগিব৷ দুহেজাৰ PPE যোগাৰ কৰিছো, আমি ১৬৯ ৰোগীক পৰীক্ষা কৰিছো৷ ভগৱানৰ আৰ্শীবাদত আমাৰ ইয়াত এজনো পজিটিভ পোৱা নাই।

মন্ত্ৰীগৰাকীয়ে কয় – ‘Personal Protective Equipment চিকিৎসক সকলক লাগিব৷ দুহেজাৰ PPE যোগাৰ কৰিছো, আমি ১৬৯ ৰোগীক পৰীক্ষা কৰিছো৷ ভগৱানৰ আৰ্শীবাদত আমাৰ ইয়াত এজনো পজিটিভ পোৱা নাই।

  • Share this:
সমগ্ৰ বিশ্বত এতিয়া কোৰোণাৰ সন্ত্ৰাস। ভাৰততো দিনক দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কোৰোণাক লৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহেও গ্ৰহণ কৰিছে প্ৰয়োজনীয় ব্যৱস্থা। অসম চৰকাৰেও এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা।

আজি বিধানসভাত কোৰোণা ভাইৰাছক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এপ্ৰিল মাহটো বৰ গুৰুত্বপূৰ্ণ৷ চৰকাৰৰ হাতত টকা নাথাকে৷ এতিয়া এই সময়ত লক ডাউন কৰিবলগীয়া হৈছে৷ এই সময়ত কেনেকৈ চলিব? মোৰ হাতত তাৰ উত্তৰ নাই৷ কেৱল মোৰ হাতত দৰমহা দিয়াৰ টকাখিনিহে আছে৷ লক ডাউন আৰু বাঢ়িলে কি হ'ব, মোৰ হাতত উত্তৰ নাই৷ দিন হাজিৰা কৰা মানুহক ক’ৰ পৰা এই সময়ত টকা দিম? মোৰ হাতত উত্তৰ নাই।

‘যদিহে লক ডাউন বাঢ়ে তেন্তে বাজেট সলনি হ'ব পাৰে। ২ লাখ ৭২ হাজাৰ পঞ্জীয়নকৃত শ্ৰমিক আছে৷ ১ এপ্ৰিলৰ পৰা বিনামূলীয়া ৰেচনৰ চাউল বাজেট মতে পাব৷ প্ৰয়োজন হ’লে আমি দৰমহা নলও, বিধায়ক পুঁজি, আনটাইড ফাণ্ডৰ পইটা নলওঁ৷ এই বিপদকালত ৰাইজৰ কাষত আমি থাকিব লাগিব।’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

মন্ত্ৰীগৰাকীয়ে কয় – ‘Personal Protective Equipment চিকিৎসক সকলক লাগিব৷ দুহেজাৰ PPE যোগাৰ কৰিছো, আমি ১৬৯ ৰোগীক পৰীক্ষা কৰিছো৷ ভগৱানৰ আৰ্শীবাদত আমাৰ ইয়াত এজনো পজিটিভ পোৱা নাই। বিদেশৰ, বেলেগ ৰাজ্যৰ মানুহ অসমত থকাসকলৰ দায়িত্ব আমি লৈছো৷ আমাৰ অসমৰ যিসকল বাহিৰত আছে, তেওঁলোকৰ দায়িত্বও সংশ্লিষ্ট ৰাজ্যই ল’ব বুলি আশা কৰিছো।’

‘১৫৫টা বিশেষ ICU কোৰোণাৰ কাৰণে সাজু আছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে সাধাৰণ ৰোগীৰ দায়িত্ব লওক, আমি কোৰোণাৰ দায়িত্ব লৈছো। বিধায়কসকল সমষ্টিলৈ উভতি যাওক, মন্ত্ৰীসকলক বিভিন্ন জিলাৰ দায়িত্ব দিছে৷ কাম কৰক৷ আমি সকলো সময়তে ৰাইজৰ কাষত আছো।’ – বিধানসভাত ক’লে মন্ত্ৰী ড০ শৰ্মাই।

মই ৰাজ্যৰ বিত্তমন্ত্ৰী হিচাপে মই অৰ্থনৈতিক দিশটো চাম৷ কিন্ত ৩১ মাৰ্চলৈ একো কৰিব নোৱাৰো৷ ১ এপ্ৰিলৰ পৰা কৰিব পৰা যাব৷ এতিয়া সকলোৱে সহায় কৰক৷ কাৰোৱাৰ ঘৰত যদি খাদ্য নাই, আপোনাৰ ঘৰতো থকা অতিৰিক্তখিনি দি সহায় কৰক। অসমৰ সন্মুখত আন দুটা প্ৰত্যাহ্বান আহি আছে৷ বান আৰু জাপানীজ এনকেফেলাইটিছ৷ ঢাল-তৰোৱাল নোহোৱাকৈ আমি এতিয়া যুদ্ধত নামিব লাগিব। ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে আজি বিধানসভাত সকলো বিধায়কে কোৰোণাৰ প্ৰতিৰোধৰ বাবে নিজৰ এমাহৰ দৰমহা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading