মুখ্যপৃষ্ঠা »খবৰ »Corona »প্ৰথম দৃষ্টিতে অংকিতাৰ প্ৰেমত পৰিছিল মিলিন্দ সুমন, ৬বছৰ পিছত কৰিলে পুৰণি স্মৃতি ৰোমন্থন

প্ৰথম দৃষ্টিতে অংকিতাৰ প্ৰেমত পৰিছিল মিলিন্দ সুমন, ৬বছৰ পিছত কৰিলে পুৰণি স্মৃতি ৰোমন্থন

চাৰিবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত ২০১৮চনত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। 

চাৰিবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত ২০১৮চনত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। 

চাৰিবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত ২০১৮চনত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। 

  • Share this:
মুম্বাইঃ কোৰোণা ভাইৰাছৰ ভয় আৰু আতংকৰ কাৰণে ছচিয়েল মিডিয়াত এতিয়া কেৱল ইয়াৰে চৰ্চা। অতিমাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো ঘৰত থাকিবলৈ বাধ্য হৈছে। ইয়াৰ মাজতে নিজৰ ভাললগা কাম কৰি আৰু ভাললগা সময় ৰোমন্থন কৰিছে বিভিন্ন তাৰকাই। ছুপাৰ মডেল–অভিনেতা মিলিন্দ সুমনে এনেকৈয়ে মনত পেলাইছে পত্নী অংকিতা কোঁৱৰক প্ৰথম লগ পোৱাৰ স্মৃতি। মিলিন্দ সুমনে ছচিয়েল মিডিয়াত ইয়াক লৈ শ্বেয়াৰ কৰা ফটো সকলোৱে পচন্দ কৰিছে।

মিলিন্দ সুমন আৰু পত্নী অংকিতা কোঁৱৰ নিজৰ নিজৰ ইনষ্টাগ্ৰামত যথেষ্ট সক্ৰিয় হৈ থাকে। দুয়োয়ে শেহতীয়াকৈ নিজৰ ৰোমাণ্টিক ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। মিলিন্দে ২০১৪চনত অংকিতাক লগ পোৱাৰ আৰু প্ৰেমত পৰাৰ কথা শ্বেয়াৰ কৰিছে এইবাৰ।

অংকিতাৰ এখন ক্ল’জ আপ ফটো শ্বেয়াৰ কৰি মিলিন্দ সুমনে লিখিছে - '২০১৪.. লাভ এট ফাৰ্ষ্ট চাইট।








View this post on Instagram





2014 .. love at first sight ?


A post shared by Milind Usha Soman (@milindrunning) on Mar 18, 2020 at 4:48am PDT





আনহাতে অংকিতাইও  ইনষ্টাগ্ৰামত দুয়োৰে ফটো শ্বেয়াৰ কৰি ‘সামাজিক ব্যৱধান’ বৰ্তাই ৰখাৰ কথা উল্লেখ কৰিছে।



উল্লেখযোগ্য যে দুয়োৰে মাজত বয়সৰ পাৰ্থক্য কিছু অধিক হোৱাৰ কাৰণে একাংশই অংসবেদনশীল মন্তব্য কৰিছিল যধে–মধে। পিছে অসমৰ জী–জোঁৱাই দুয়ো পৰিপক্কতা আৰু নীৰৱতাৰে সকলো ট্ৰ’লৰ উত্তৰ দি দেখুৱাই দিলে যে, সুখী হ’বলৈ দুটি মন এক হোৱাৰহে প্ৰয়োজন।

শেহতীয়া বাতৰি