Marriage in Corona : কোৰোণাৰ মাজতে পাতিব বিচাৰিছে যদি বিয়া তেনেহ'লে বাধ্যতামূলক হ'ল ভেকচিন লোৱাটো! কইনাই বিচাৰিছে ভেকচিন লোৱা দৰা!

News18 Assam | News18-Assam
Updated:June 8, 2021, 7:19 PM IST
Marriage in Corona : কোৰোণাৰ মাজতে পাতিব বিচাৰিছে যদি বিয়া তেনেহ'লে বাধ্যতামূলক হ'ল ভেকচিন লোৱাটো! কইনাই বিচাৰিছে ভেকচিন লোৱা দৰা!
বহুতেই এই ফটোখনক ভুৱা বুলি কৈছে আৰু মোবাইল এপৰ জড়িয়তে এই পেপাৰ কাট ফটোখন বনোৱা হৈছে বুলি দাবী কৰিছে।

বহুতেই এই ফটোখনক ভুৱা বুলি কৈছে আৰু মোবাইল এপৰ জড়িয়তে এই পেপাৰ কাট ফটোখন বনোৱা হৈছে বুলি দাবী কৰিছে।

  • Share this:
কোৰোণা মহামাৰীৰ বাবে আমাৰ লাইফষ্টাইলেই সলনি হৈ গৈছে। খোৱা-লোৱা, কাম-কাজ, ঘূৰা-ফুৰা, মাস্ক-ছেনিটাইজাৰ আৰু কত কি যে পৰিৱৰ্তন হৈছে আমাৰ জীৱনত। প্ৰভাৱ পৰিছে বিয়াৰ আয়োজনতো। ছচিয়েল মিডিয়াত যিটো নিউজ ভাইৰেল হৈছে সেইটো হৈছে এটা মেট্ৰিমনিয়েল বা বিবাহৰ পাত্ৰ-পাত্ৰী বিচাৰি কাকতত দিয়া বিজ্ঞাপন য'ত কইনাৰ ঘৰে বিচাৰিছে কোৰোণাৰ ভেকচিন লগোৱা দৰা। লগতে এইয়াও উল্লেখ কৰিছে যে কইনাই ইতিমধ্যে ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে।



এই মেট্ৰিমনিয়েল বিজ্ঞাপনটোৰ ফটো ছচিয়েল মিডিয়াত লোকসকলে জোৰদাৰকৈ ছেয়াৰ কৰিছে। আনকি কংগ্ৰেছৰ সাংসদ শশী থাৰুৰেও নিজৰ ষ্টাইলত ছেয়াৰ কৰিছে এই বিজ্ঞাপনটো।থাৰুৰে মন্তব্য কৰিছে এনে বিজ্ঞাপন হয়তো আগন্তুক দিনত আমাৰ বাবে স্বাভাৱিক কথা হৈ পৰিব। লক্ষণীয় যে বিজ্ঞাপনটোত ভেকচিনৰ নাম পৰ্যন্ত উল্লেখ কৰিছে কইনা ঘৰে।

অৱশ্যে বহুতেই এই ফটোখনক ভুৱা বুলি কৈছে আৰু মোবাইল এপৰ জড়িয়তে এই পেপাৰ কাট ফটোখন বনোৱা হৈছে বুলি দাবী কৰিছে। এই ফটোখন সচাই হওক বা মিছা, এটা কথা কিন্তু ক'বই লাগিব যে এনে দিন যে নাহিব সেয়াও নুই কৰিব নোৱাৰি।
Published by: Manjumoni Borah
First published: June 8, 2021, 7:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি