ভয়ংকৰ ক'ভিডৰ সংহাৰী ৰূপৰ সৈতে যুঁজ দিবলগীয়া হৈছে দেশৰ জনতা । ভাৰতত মহামাৰীৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰে এতিয়া শংকিত কৰি তুলিছে বিশ্ববাসীকো । ক'ভিডৰ এই জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মাৰবান্ধি থিয় দিছে জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকলে । ক'ভিডৰ এই জটিল পৰিস্থিতিত আৰক্ষী সকলেও লৈছে অগ্ৰণী ভূমিকা । ৰাইজক সজাগ কৰিবলৈ আৰক্ষীয়ে পাৰ্যমানে চেষ্টা অব্যাহত ৰখাৰ লগতে প্ৰয়োজনত কঠোৰ পদক্ষেপো গ্ৰহণ কৰিবলগীয়া হৈছে । এনে পৰিস্থিতিত অসম আৰক্ষীয়ে এক অভিনৱ কৌশলেৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে অসম আৰক্ষীৰ এই বিশেষ পোষ্ট ।
দৰাচলতে ক'ভিড১৯ সংক্ৰান্তীয় নীতি-নিয়ম সম্পৰ্কে ইয়াৰ সজাগতা বৃদ্ধি অভিযানৰ বাবে টুইটাৰ যোগে অসম আৰক্ষীয়ে দিছিল এক বিশেষ পোষ্ট । য'ত ২০০৪ চনৰ শ্বাহৰুখ খান অভিনীত ছবিৰ "মে হু না"ৰ পোষ্টাৰ মডিফাই কৰি অসম আৰক্ষীয়ে শ্বেয়াৰ কৰি লিখিছিল "মাস্ক হে না" ?
ছবিখনৰ মূল পোষ্টাৰ মডিফাই কৰি অসম আৰক্ষীয়ে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান, অভিনেত্ৰী অমৃতা ৰাও আৰু অভিনেতা জায়েদ খানৰ মুখত মাস্ক পিন্ধাই আপোলড কৰিছিল টুইটাৰত । লগতে ছবিখনৰ নামৰ ঠাইত লিখিছিল "মাস্ক হে না" শীৰ্ষক বিশেষ টেগলাইন । তাৰ পিছতেই হঠাত্ টুইটাৰত ভাইৰেল হৈ পৰে অসম আৰক্ষীৰ আকৰ্ষণীয় টুইট ।
যিহেতু দেশত ক'ভিড সংহাৰৰ পিছতো ৰাজ্যত এতিয়াও বহু লোক সজাগ সতৰ্ক হোৱা নাই । মাস্ক পৰিধান, সামাজিক দূৰত্বকে আদি কৰি ক'ভিডৰ নীতি নিৰ্দেশনা মানিবলৈ এতিয়াও ইচ্ছুক নহয় একাংশ ৰাইজ । যাৰ বাবে অসম আৰক্ষীয়ে ভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ লগতে সকলোকে সজাগ কৰিবলৈ হাতত লৈছে কিছু ব্যতিক্ৰমী পন্থাও।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|