বিদেশৰ পৰা আহি কোৰোণা ভাইৰাছৰ প্ৰট’কল ভংগ সাংসদ মেৰী কমৰ, তেনেকৈয়ে সাক্ষাৎ কৰিলে ৰাষ্ট্ৰপতিক

News18 Assam | News18-Assam
Updated:March 21, 2020, 8:13 PM IST
বিদেশৰ পৰা আহি কোৰোণা ভাইৰাছৰ প্ৰট’কল ভংগ সাংসদ মেৰী কমৰ, তেনেকৈয়ে সাক্ষাৎ কৰিলে ৰাষ্ট্ৰপতিক
১৩ মাৰ্চত বিদেশৰ পৰা আহি ভাৰতত উপস্থিত হোৱা মেৰী কমে প্ৰট’কল মতে ১৪দিন অকলশৰীয়াকৈ থাকিব লাগিছিল।

১৩ মাৰ্চত বিদেশৰ পৰা আহি ভাৰতত উপস্থিত হোৱা মেৰী কমে প্ৰট’কল মতে ১৪দিন অকলশৰীয়াকৈ থাকিব লাগিছিল।

  • Share this:
নতুন দিল্লীঃ কোৰোণা ভাইৰাছৰ সংক্ৰমিত ব্যক্তিৰ সংখ্যা প্ৰত্যেক দিনে বৃদ্ধি পাইছে। তৃতীয় পৰ্যায়লৈ ভাৰত যাব লাগিলে যে এক মহাবিপদ হ’ব সেয়া প্ৰত্যেকেই গম পাইছে। সম্প্ৰদায়ৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিভিন্ন সজাগতামূলক বাৰ্তা প্ৰচাৰ কৰিছে চৰকাৰে। পিছে স্বয়ং শাসকীয় দলৰ সাংসদ প্ৰতিনিধি তথা বিশ্ব বিজয়ী খেলুৱৈয়ে যদি এই প্ৰট’কল উলংঘা কৰে সাধাৰণ মানুহৰ কাৰণে মানিবলৈ কি থাকিল! কণিকা কাপুৰৰ বাটেৰে একেই চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় এইবাৰ দেখুৱালে সাংসদ মেৰী কমে। বিশ্ব স্বাস্থ্য সংস্থাই দিয়া প্ৰট’কল উলংঘা কৰি বিদেশৰ পৰা অহাৰ পিছত ১৪দিনৰ কোৱাৰানটাইন (14-day quarantine protocol by the World Health Organisation) নমনাকৈ বিপজ্জনক আশংকা কঢ়িয়াই আনিলে মেৰী কমে।

শেহতীয়াকৈ আম্মান, জৰ্ডানৰ পৰা এছিয়া–অ’চিনিক অলিম্পিক কোৱালিফায়াৰ সম্পূৰ্ণ কৰি ১৩মাৰ্চত ভাৰতলৈ ঘুৰি আহিছিল মেৰী কম। নিয়মমতে তেওঁ ১৪দিন সম্পূৰ্ণ অকলশৰীয়াকৈ থাকিব লাগিছিল কিন্তু মেৰী কমে সেই নিয়ম নামানিলে।

১৩ মাৰ্চত আহিয়ে তেওঁ ১৮মাৰ্চত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আয়োজন কৰা প্ৰাতঃভোজনতো অংশ লৈছিল।

ৰাষ্ট্ৰপতি ভৱনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰা চাৰিখন ফটোৰ মাজত মেৰী কমক দেখা পোৱা গৈছে। "ৰাষ্ট্ৰপতি কোবিন্দৰ উদ্যোগত উত্তৰ প্ৰদেশ, ৰাজস্থানৰ সাংসদসকলৰ কাৰণে আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত পুৱাৰ আহাৰৰ আয়োজন কৰা হয়। "

উল্লেখযোগ্য যে, বলিউডৰ কোৰোণা সংক্ৰমিত গায়িকা কণিকা কাপুৰৰ সংস্পৰ্শলৈ অহা বিজেপিৰ সাংসদ দুষ্যন্ত সিঙেও একেদিনাই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল। সিং বৰ্তমান স্ব–একাকীত্বত আছে।

বক্সিং কোচ চান্তিয়াগ’ নিয়েভাই শুকুৰবাৰে IANSক কয় যে, জৰ্ডানত অংশ লোৱা ভাৰতীয় বক্সিং খেলুৱৈসকলক ১৪দিনৰ কোৱাৰানটাইন বাধ্যতামূলক কৰা হৈছে।

মেৰী কমে স্বীকাৰ কৰিছে যে তেওঁ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছিল। এক বাৰ্তাত তেওঁ কয়, "জৰ্ডানৰ পৰা ঘুৰি আহি ঘৰতে আছো, মই কেৱল ৰাষ্ট্ৰপতিৰ কাৰ্যসূচীত অংশ লৈছিলো আৰু দুষ্যন্তক সাক্ষাৎ কৰা নাই বা হাতো মিলোৱা নাই। জৰ্ডানৰ পৰা অহাৰ পিছত মোৰ কোৱাৰানটাইন অন্ত হৈছে কিন্তু মই আগন্তুক ৩–৪ দিন আছো।"
Published by: Tulika Devi
First published: March 21, 2020, 8:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading