লখিমপুৰত কোৰোণাৰ ছুপাৰ স্প্ৰেডাৰৰ ৰূপত দেখা দিছে এখন বিয়া। জিলাখনত কোৰোণাৰ সংক্ৰমণে দিনে দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে এখন বিয়াক লৈ সৃষ্টি হৈছে আতংকময় পৰিবেশৰ। কাৰণ বিয়াখনত উপস্থিত থকা ২২জনৰ দেহত আজি ধৰা পৰিছে কোৰোণাৰ ভাইৰাছ।
২মে’ত লখিমপুৰৰ বঙালমৰা ত্ৰিশখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ সমিপতে এক বিবাহ অনুষ্ঠানত অভ্যৰ্থনা গ্ৰহণ কৰা ৮০জনৰ বৰ্তমানলৈ ৰেপিড টেষ্ট কৰিছে আৰু তাৰে ২২জনৰ দেহত ধৰা পৰিছে কোৰোণাৰ ভাইৰাছ। প্ৰশাসনে ইতিমধ্যে "নেওগ চুক" নামৰ এলেকাটো মাইক্ৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৷
জানিব পৰা মতে প্ৰশাসনৰ অনুমতি সাপেক্ষে বিয়াখনৰ আয়োজন কৰা হৈছিল যদিও নিৰ্ধাৰিত লোকৰ সীমা উলংঘা কৰি বহু লোকৰ সমাগম হৈছিল বিবাহ অভ্যৰ্থনাত ৷ আনহাতে বিয়াখনৰ দৰাৰ ঘৰ লালুকৰ এঘাৰ মাইলত ৷ দৰা ঘৰৰ পৰা এতিয়ালৈ কোনো খবৰ অহা নাই যদিও আশংকা নুই কৰা নাই প্ৰশাসনে ৷ ইতিমধ্যে দৰা ঘৰৰো সকলোকে কোৰোণা পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে।
উল্লেখ্য যে লখিমপুৰত বৰ্তমানলৈ কোৰোণাত আক্ৰান্ত হৈছে ৯৩০জন লোক ৷ আজি জিলা খনত আক্ৰান্ত হ’ল ১১৭জন৷ আজিৰ দিনটোতে বিহপুৰীয়া স্বাস্থ্য খণ্ডত ৩৪জন, বগীনদী স্বাস্থ্য খণ্ডত ১৫জন, ঢকুৱাখনা স্বাস্থ্য খণ্ডত ১২জন, উত্তৰ লখিমপুৰ স্বাস্থ্য খণ্ডত ৩৬জন, ধলপুৰ স্বাস্থ্য খণ্ডত ৭জন আৰু লখিমপুৰ নগৰত ৪ জনৰ দেহত ধৰা পৰিছে কোৰোণা ভইৰাছ ৷ আনহাতে ১এপ্ৰিলৰ পৰা আজিলৈ লখিমপুৰত মৃত্যু হোৱা ১০জনৰ দেহত ধৰা পৰিছে কোভিড ১৯ ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|