মুখ্যপৃষ্ঠা » খবৰ

» Corona

»আপুনি দোকান বা বজাৰলৈ কেতিয়া যাব পাৰিব? কি কি মানি চলিব লাগিব?

আপুনি দোকান বা বজাৰলৈ কেতিয়া যাব পাৰিব? কি কি মানি চলিব লাগিব?

News18 Assam | News18-Assam
Updated:April 20, 2021, 5:24 PM IST
আপুনি দোকান বা বজাৰলৈ কেতিয়া যাব পাৰিব? কি কি মানি চলিব লাগিব?
সকলো বজাৰ, শ্বপিং মল, দোকান, সাপ্তাহিক বজাৰ সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব।  সকলোৱে মাস্ক পিন্ধিব লাগিব।

সকলো বজাৰ, শ্বপিং মল, দোকান, সাপ্তাহিক বজাৰ সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব।  সকলোৱে মাস্ক পিন্ধিব লাগিব।

  • Share this:
Covid-19ৰ বাবে নতুনকৈ প্ৰকাশ কৰা SOP ৩০ এপ্ৰিললৈ বাহাল থাকিব।

সকলো বজাৰ, শ্বপিং মল, দোকান, সাপ্তাহিক বজাৰ সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব।  সকলোৱে মাস্ক পিন্ধিব লাগিব।

এখন দোকানত এবাৰত ৫ জন লোকহে সোমাব পাৰিব । দোকানীয়ে গ্ৰাহকৰ ৬ ফুট দূৰত্ব নিশ্চিত কৰিব লাগিব। কোনো কাৰণত এই নিয়ম ভংগ হ'লে দোকানী দায়ী হ'ব আৰু দোকান বন্ধ কৰি দিয়া হ'ব।

চেনিটাইজাৰ আৰু চাবোনেৰে হাত ধোৱাৰ সুবিধা ৰাখিব লাগিব ৷ দোকানী-গ্ৰাহকে হেণ্ড গ্লোভছ পিন্ধিব লাগিব।

চেলুন, পাৰ্লাৰসমূহত সকলোৱে মাস্ক, ফেছ কভাৰ, হেণ্ড গ্লোভছ পিন্ধিব লাগিব। তেওঁলোকে সকলো ক'ভিড বিধি মানি চলিব লাগিব।

উদ্যোগ, চাহ বাগিচাৰ ক্ষেত্ৰতো ক'ভিড বিধি মানিব লাগিব। সকলোৱে মাস্ক পিন্ধিব লাগিব। ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগি, থাৰ্মেল স্কেনাৰৰ ব্যৱস্থা ৰাখিব লাগিব। এই ক্ষেত্ৰত তাৰ মুখ্য বিষয়াই চকু দিব লাগিব।
Published by: Kokil Sarma
First published: April 20, 2021, 5:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি