কোৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ট্ৰাম্পৰ ‘পৰামৰ্শ’ মানি মৃত্যু হ’ল এজন ব্যক্তিৰ!

News18 Assam | News18-Assam
Updated:March 24, 2020, 2:23 PM IST
কোৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ট্ৰাম্পৰ ‘পৰামৰ্শ’ মানি মৃত্যু হ’ল এজন ব্যক্তিৰ!
Photo : aljazeera

কোৰোণা ভাইৰাছক লৈ ট্ৰাম্প দিয়া ঔষধৰ সলনি এক দম্পত্তিয়ে ভুল ঔষধ সেৱন কৰিছিল। 

  • Share this:
কোৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰামৰ্শ মানি লৈ চিৰবিদায় ল’লে এজনে। কোৰোণা ভাইৰাছৰ পৰা বাছিবলৈ আমেৰিকাৰ ব্যক্তিজন আৰু তেওঁৰ পত্নীয়ে ড’নাল্ড ট্ৰাম্পে কোৱা ঔষধৰ সলনি মিলা–জোলা নামৰ এটা ঔষধ খাই দিছিল। লগে লগে স্বামীৰ মৃত্যু হয় আৰু পত্নী এতিয়াও হাস্পতালত মৃত্যুৰে যুঁজি আছে।

ডেইলী মেইলৰ মতে, দম্পত্তিয়ে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবলৈ মাছৰ টেংকী চাফা কৰা এক ৰসায়ন সেৱন কৰিছিল। পতি–পত্নীয়ে ভাবিছিল যে এয়া চমৎকাৰ হ’ব। কিন্তু কেমিকেল খোৱাৰ লগে লগে পতি–পত্নী দুয়োৰে অৱস্থা কাহিল হৈ পৰে। স্বামীয়ে হাস্পতাললৈ নিয়াৰ পিছতে মৃত্যু মুখত পৰে আৰু পত্নীৰ অৱস্থা এতিয়াও সংকটজনক।

আমেৰিকাৰ এৰিজ’নাৰ স্বয়ংসেৱী সংস্থা বেনাৰ হেলথে ইয়াক এক উদাহৰণ হিচাপে তুলি ধৰি আমেৰিকান সকলক কোৰোণা চিকিৎসাৰ নামত যিহকে তিহকে খাবলৈ মানা কৰিছে। ঘৰুৱা চিকিৎসাও মানা কৰিছে।

জানিব পৰা মতে ৬০বছৰীয়া দম্পত্তিয়ে ক্লৰ’কুইন ফচফেট নামৰ এক ৰসায়ন সেৱন কৰিছিল। এই ৰসায়েনেৰে মাছৰ টেংকী চাফা কৰা হয়। কেমিকেল ঘৰতে আছিল তেওঁলোকৰ। দুৰ্ভগীয়া দম্পত্তিয়ে ভাবিলে এইটো ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৰ সৱলভাৱে তুলি ধৰা কোৰোণাৰ দৰৱ! কেমিকেল খোৱাৰ ৩০ মিনিটৰ পিছতে পতি–পত্নী দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাতে স্বামী ঢুকায়।

ট্ৰাম্পে কি পৰামৰ্শ দিছিল?

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰেছ মীটত কৈছিল যে এণ্টি মেলেৰীয়া ড্ৰাগ হাইড্ৰ’ক্সিক্লৰ’কুইন কোৰোণা ভাইৰাছৰ চিকিৎসাৰ কাৰণে উপযোগী প্ৰমাণিত হ’ব পাৰে। এই দৰৱবিধক ট্ৰাম্পে আনকি ভগৱানৰ দান বুলি কৈছিল। ইয়াৰ জৰিয়তে কোৰোণা ভাইৰাছৰ চিকিৎসা সম্ভৱ বুলি তেওঁ উল্লেখ কৰিছিল। অৱশ্যে আমেৰিকাৰ চিকিৎসকে ট্ৰাম্পৰ এই মন্তব্যত সহমত প্ৰকাশ কৰা নাছিল। চিকিৎসকৰ মতে এই ঔষধৰ প্ৰয়োগ প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু কোৰোণা ভাইৰাছৰ চিকিৎসাক লৈ এতিয়াও সঠিককৈ ক’ব নোৱাৰি।

ভুলটো তাতেই হ’ল, দম্পত্তিয়ে হাইড্ৰ’ক্সীক্লৰ’কুইনৰ সলনি ক্লৰ’কুইন ফচফেট নামৰ কেমিকেল সেৱন কৰিছিল। ট্ৰাম্পে কোৱাটো তেওঁলোকে তেনেকৈয়ে শুনিলে হব’লা! উচ্চাৰণৰ সমস্যা আছেই আৰু!
আৰু চাওক
পৰৱৰ্তী বাতৰি