உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • লকডাউনৰ লোতক ! পুত্ৰৰ বাবে জীৱনদায়িনী ঔষধ বিচাৰি ৩০০ কিঃমিঃ চাইকেল যাত্ৰা শ্ৰমিকৰ। ৪ দিনৰ পিছত আহিল ঔষধ লৈ...

    লকডাউনৰ লোতক ! পুত্ৰৰ বাবে জীৱনদায়িনী ঔষধ বিচাৰি ৩০০ কিঃমিঃ চাইকেল যাত্ৰা শ্ৰমিকৰ। ৪ দিনৰ পিছত আহিল ঔষধ লৈ...

    ৰোগাক্ৰান্ত পুত্ৰৰ বাবে জীৱনদায়িনী ঔষধ বিচাৰি কৰ্ণাটকৰ এগৰাকী নিৰ্মাণ শ্ৰমিকে চাইকেলেৰ ৩০০ কিলোমিটাৰ পথ যাত্ৰা কৰিছে।

    ৰোগাক্ৰান্ত পুত্ৰৰ বাবে জীৱনদায়িনী ঔষধ বিচাৰি কৰ্ণাটকৰ এগৰাকী নিৰ্মাণ শ্ৰমিকে চাইকেলেৰ ৩০০ কিলোমিটাৰ পথ যাত্ৰা কৰিছে।

    ৰোগাক্ৰান্ত পুত্ৰৰ বাবে জীৱনদায়িনী ঔষধ বিচাৰি কৰ্ণাটকৰ এগৰাকী নিৰ্মাণ শ্ৰমিকে চাইকেলেৰ ৩০০ কিলোমিটাৰ পথ যাত্ৰা কৰিছে।

    • Share this:
    কেইবাখনো ৰাজ্যত কোভিড-১৯ৰ বাবে অব্যাহত থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত আহি পৰিছে জটিলতা। এইসকল ৰোগীৰ ঔষধৰ লগতে উপযুক্ত চিকিৎসা সময় অনুসৰি প্ৰাপ্ত কৰাৰ ক্ষেত্ৰতো দেখা দিছে সমস্যাই। লকডাউনৰ এই সময়ছোৱাত বহু দৰিদ্ৰ আৰু নিপীড়িত লোকৰ জীৱনৰ দুৰ্দশাৰ ছবিখন আমি প্ৰত্যক্ষ কৰিছো। কোনোৱে যদি খোজকাঢ়ি হাজাৰ হাজৰ কিলোমিটাৰ বাট অতিক্ৰম কৰিছে আন কোনোৱে আকৌ চাইকেল অথবা আন আন পদ্ধতিৰেও গন্তব্যস্থানৰ দিশে অগ্ৰসৰ হৈছে। শেহতীয়াভাৱে কৰ্ণাটকৰ তেনে এক খবৰে সমগ্ৰ দেশজুৰি লাভ কৰিছে বিশেষ চৰ্চা। ৰোগাক্ৰান্ত পুত্ৰৰ বাবে জীৱনদায়িনী ঔষধ বিচাৰি কৰ্ণাটকৰ এগৰাকী নিৰ্মাণ শ্ৰমিকে চাইকেলেৰ ৩০০ কিলোমিটাৰ পথ যাত্ৰা কৰিছে। ডেক্কান হেৰাল্ডৰ এক প্ৰতিবেদন অনুসৰি, ৰোগীৰ পিতৃয়ে পুত্ৰৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ টি নৰসীপুৰ তালুকৰ বান্নুৰৰ ওচৰৰ তেওঁৰ গাঁও গণিগানাকোপ্পালৰ পৰা বেংগালুৰুলৈ ৩০০ কিলোমিটাৰ চাইকেল যাত্ৰা কৰিছিল।

    প্ৰতিবেদন অনুসৰি, এইগৰাকী নিৰ্মাণ শ্ৰমিকৰ পুত্ৰ যোৱা দহ বছৰ ধৰি বেংগালুৰুৰ নেচনেল ইনষ্টিটিউট অৱ মেন্টাল হেল্থ এণ্ড নিউৰ'চাইন্সত (NIMHANS) চিকিৎসা গ্ৰহণ কৰি আছে। কিন্তু দেশত কোভিডৰ দ্বিতীয় ঢৌ আৰু কৰ্ণাটকত অব্যাহত থকা লকডাউনৰ শ্ৰমিক পিতৃয়ে পুত্ৰক নিয়মীয়া চিকিৎসা আৰু পৰীক্ষাৰ বাবে লৈ যাব নোৱাৰিলে। ডেক্কান হেৰাল্ডৰ প্ৰতিবেদনত উল্লেখ আছে যে, পিতৃ আৰু পুত্ৰই ঔষধৰ বাবে প্ৰতিদুমাহৰ অন্তৰালত এবাৰ চিকিৎসালয়লৈ গৈছিল।

    ঔষধৰ অতিকৈ প্ৰয়োজনীয়তাৰ কথা আগত ৰাখিয়েই এইগৰাকী শ্ৰমিক পিতৃয়ে নিজেই ৩০০ কিলোমিটাৰ পথ চাইকেল চলাই ঔষধ সংগ্ৰহৰ সিদ্ধান্ত লৈছিল। ২৩ মে'ত তেওঁ নিজ গাঁৱৰ পৰা বেংগালুৰুলৈ চাইকেল যাত্ৰা আৰম্ভ কৰিছিল আৰু ২৬ মে' ঔষধ লৈ উভতি আহিছিল। ডেক্কান হেৰাল্ডৰ সৈতে কথোপকথনত পিতৃয়ে কৈছিল যে চিকিৎসকসকলে যদি তেওঁৰ পুত্ৰৰ ১৮ বছৰ বয়স হোৱাৰ পূৰ্বেই ঔষধবোৰ বন্ধ কৰা হয় তেন্তে মৃগীৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক বুলি উল্লেখ কৰিছিল। সেয়েহে তেওঁ নিজ পুত্ৰক এই গুৰুতৰ ৰোগৰ পৰা উদ্ধাৰৰ বাবে এই চাইকেল যাত্ৰা কৰিব লগা হৈছিল। তেওঁ লগতে উল্লেখ কৰে যে NIMHANSৰ চিকিৎসকসকলে এই দুখজনক পৰিস্থিতিৰ বিষয়ে অৱগত হোৱাৰ পিছত তেওঁৰ হাতত গুজি দিছিল ১,০০০ টকা।

    কৰ্ণাটকৰ এই ঘটনাটোৱে বাৰুকৈয়ে স্তম্ভিত কৰিছে বহুজনক। এফালে কোৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশজুৰি অব্যাহত থকা কেতবোৰ বাধা-নিষেধ আৰু আনফালে গুৰুতৰ ৰোগত আক্ৰান্ত নিজ পুত্ৰৰ বাবে জীৱনদায়িনী ঔষধ সংগ্ৰহৰ বাবে এগৰাকী দৰিদ্ৰ পিতৃয়ে লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লকডাউনে দিশহাৰা কৰা এইসকল খাটিখোৱা লোকৰ ক্ষেত্ৰত এনে ঘটনা সাধাৰণ হ'লেও কিন্তু মানৱতাৰ পৰিপন্থী। এইসমূহ খবৰ অথবা ঘটনাৰ বিকল্পই বা কি?

    উল্লেখ্য যে, দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত বৰ্তমানেও অব্যাহত আছে লকডাউন আৰু ৭ জুন পৰ্যন্ত থাকিব এই নিয়ম। ৰাজ্য চৰকাৰে উল্লেখ কৰিছে যে, ৫ জুনত লকডাউন আৰু বৃদ্ধি কৰাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰিব।
    Published by:Kokil Sarma
    First published: