• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • ৫০০ টকা, ৫০০ টকা! গাখীৰৰ ব্যৱসায়ীয়ে ক’ৰোণা ভাইৰাছৰ প্ৰতিষেধক বুলি বিক্ৰী কৰি আছিল গৰুৰ গোবৰ আৰু গো–মুত্ৰ, তাৰ পিছত...

৫০০ টকা, ৫০০ টকা! গাখীৰৰ ব্যৱসায়ীয়ে ক’ৰোণা ভাইৰাছৰ প্ৰতিষেধক বুলি বিক্ৰী কৰি আছিল গৰুৰ গোবৰ আৰু গো–মুত্ৰ, তাৰ পিছত...

source- Google

source- Google

ধৰ্মীয় আবেগ দেখুৱাই ক’ৰোণা ভাইৰাছৰ প্ৰতিষেধক বুলি গৰুৰ গোবৰ আৰু গো মুত্ৰ বিক্ৰী কৰি থাকোতেই আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।

  • Share this:
দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। প্ৰতিদিনে দেশত বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। একাংশই ধৰ্মীয় আবেগৰ বশৱৰ্তী হৈ ক’ৰোণা ভাইৰাছ হোৱাৰ বিভিন্ন কাৰণো ব্যাখ্যা কৰিছে , আনকি কিছু সংখ্যকে গৰুৰ গোবৰ আৰু গো মুত্ৰক ক’ৰোণা ভাইৰাছৰ প্ৰতিষেধক বুলি দাবী কৰাও দেখা গৈছে।

মঙলবাৰে ক’ৰোণা ভাইৰাছৰ প্ৰতিষেধক বুলি গো–মুত্ৰ আৰু গোবৰ বিক্ৰী কৰি থাকোতেই এজন গাখীৰৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ হোগলী জিলাত।

বিভিন্ন ভয় দেখুৱাই মাবুদ আলী নামৰ গাখীৰৰ ব্যৱসায়ীজনে বিক্ৰী কৰিছিল গৰুৰ গোবৰ আৰু মুত্ৰ। ব্যৱসায়ীজনে সোমবাৰৰ পৰাই প্ৰতিকেজি গোবৰত ৫০০ টকা আৰু প্ৰতি লিটাৰ গো মুত্ৰত ৫০০ টকাকৈ বিক্ৰী কৰি আছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে মাবুদ আলীয়ে কয় যে, হিন্দু মহাসভাৰ পৰা পোৱা অনুপ্ৰেৰণাৰ চিন স্বৰূপে বিক্ৰী কৰিছিল গোবৰ আৰু গো–মুত্ৰ।
Published by:Himangshu Bhuyan
First published: