Lockdown নহয়, মহাৰাষ্ট্ৰত Weekend Curfew

News18 Assam | News18-Assam
Updated:April 4, 2021, 7:10 PM IST
Lockdown নহয়, মহাৰাষ্ট্ৰত Weekend Curfew
ছবিগৃহ-পেক্ষাগৃহ বন্ধ কৰা হ'ব, আনহাতে ভিৰ নাথাকিলে চলচ্চিত্ৰ আৰু টেলিভিছনৰ দৃশ্যগ্ৰহণ অব্যাহত থাকিব।

ছবিগৃহ-পেক্ষাগৃহ বন্ধ কৰা হ'ব, আনহাতে ভিৰ নাথাকিলে চলচ্চিত্ৰ আৰু টেলিভিছনৰ দৃশ্যগ্ৰহণ অব্যাহত থাকিব।

  • Share this:
মহাৰাষ্ট্ৰ কেবিনেটে ৰাজ্যত সম্পূৰ্ণ লকডাউন আৰোপ কৰাৰ বিৰুদ্ধে সিদ্ধান্ত লৈছে। অৱশ্যে, যিহেতু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে আৰু ৰাজ্যৰ পৰিস্থিতি ভয়ানক হৈ আছে, সোনকালে ই মান্যতা পোৱাৰো সম্ভাৱনা নথকা নহয়।

ৰাজ্য চৰকাৰে শুক্ৰবাৰে সন্ধিয়া ৮ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈ উইকএণ্ড লকডাউন ঘোষণা কৰিছে। ইয়াৰ উপৰিও, সোমবাৰৰ ৮ বজাৰ পৰা কঠোৰ নিষেধাজ্ঞা কাৰ্যকৰী হ'ব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী আৰু এনচিপি নেতা নবাব মালিকে কেবিনেট বৈঠকৰ পিছতে সাংবাদিকক কয়।

পৰিবহনৰ ক্ষেত্ৰত যাত্ৰীসকলক তেওঁলোকৰ ছিট ক্ষমতাৰ ওপৰত ভিত্তি কৰি ভ্ৰমণ কৰিবলৈ অনুমতি দিব। ৰিক্সা, টেক্সি আৰু ব্যক্তিগত বাহনসমূহে ৫০ শতাংশ যাত্ৰীৰে চলাচল কৰিব পাৰিব: মহাৰাষ্ট্ৰৰ মন্ত্ৰী আসলাম শ্বেখ

তেওঁ কয় যে নিশাৰ কাৰ্ফিউ অব্যাহত থাকিব আৰু দিনৰ সময়ত ধাৰা ১৪৪ ৰ অধীনত জাৰী কৰা আদেশ কাৰ্যকৰী হ'ব। মহাৰাষ্ট্ৰত কাইলৈ আবেলি ৮ বজাৰ পৰা কঠোৰ প্ৰতিবন্ধকতা চলিব যাৰ অধীনত শ্বপিং মল, বাৰ, ৰেষ্টুৰেণ্ট, সৰু দোকান কেৱল টেক-এৱে আৰু পাৰ্চেলৰ বাবে খোলা হ'ব। চৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশতহে কাম কৰিবলৈ অনুমতি দিয়া হ'ব মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Published by: Kokil Sarma
First published: April 4, 2021, 7:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি