মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অসমলৈ অহা লোকৰ ক'ভিড টেষ্ট বাধ্যতামূলক

মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অহা প্ৰত্যকজন লোকক কৰা হৈছে ক'ভিড টেষ্ট।
মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অহা প্ৰত্যকজন লোকক কৰা হৈছে ক'ভিড টেষ্ট।
- News18 Assam
- Last Updated: April 8, 2021, 6:40 PM IST
গুৱাহাটী ৰেল ষ্টেচনত ২৪ ঘন্টাই সাজু স্ক্ৰীণিং কক্ষ।পূৰ্বতকৈ সষ্টম ৰেল ষ্টেচনত নিয়োজিত থকা স্বাস্থ্য কৰ্মীসকল ।বহিৰাজ্যৰ পৰা অহা যাত্ৰীসকলক স্ক্ৰীণিং কক্ষত কৰা হৈছে এন্টিজেন টেষ্ট।দৈনিক শতাধিক যাত্ৰীৰ কৰা হৈছে টেষ্ট।এই টেষ্টত কোনো যাত্ৰীৰ ক'ভিড পজিটিভ ওলালে তেওঁলোকক কালাপাহাৰৰ ক'ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।মালিগাঁও ষ্টেচনতো হৈ আছে ক'ভিড পৰীক্ষা।
বিদ্যালয় বন্ধৰ সম্পৰ্কত কোনো চিন্তা কৰা নাই ৰাজ্য চৰকাৰে।পৰিস্থিতি ভয়াৱহ হ'লে পিছত চিন্তা চৰ্চা কৰিব ৰাজ্য চৰকাৰে।আনহাতে কামৰূপ জিলা প্ৰশাসনে জানিব দিয়া অনুসৰি ক'ভিড পৰিস্থিতি জটিল হলে সিদ্ধান্ত ল'ব জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে।পৰিস্থিতি জটিল হ'লে বন্ধ হব বিদ্যালয়ৰ পাঠদান।ইয়াৰ পৰিৱৰ্তে অনলাইন যোগে হব পাৰে পাঠদান। বিদ্যালয়সমূহক ক'ভিড নিৰ্দেশনা মনাৰ নিৰ্দেশ কামৰূপ জিলা প্ৰশাসনৰ ।ক'ভিডৰ নীতি-নিৰ্দেশনা উলংঘা কৰিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা।১৪৪ ধাৰা জাৰি কৰাৰ ক্ষেত্ৰত সম্প্ৰতি কোনো ব্যৱস্থা লোৱা নাই কামৰূপ জিলা প্ৰশাসনে।