Madurai Couple: তামিলনাডু চৰকাৰে নতুন কোভিড-১৯ নিষেধাজ্ঞা ঘোষণা কৰাৰ মাজতে এখন বিমানতেই কৰিলে বিবাহৰ আয়োজন ।
Madurai Couple: তামিলনাডু চৰকাৰে নতুন কোভিড-১৯ নিষেধাজ্ঞা ঘোষণা কৰাৰ মাজতে এখন বিমানতেই কৰিলে বিবাহৰ আয়োজন ।
কোভিডকালৰ বাবে ঘোষণা কৰা ভিন্ন নিষেধাজ্ঞাই গুৰুতৰ প্ৰভাৱ পেলাইছে বিবাহ অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰতো । কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ ফলত দেশৰ কেইবাখনো ৰাজ্যত কাৰফিউ আৰু নিষেধাজ্ঞা জাৰী কৰাৰ বাবেই বহু লোকেই পিছুৱাই দিছে বিয়াৰ পৰিকল্পনা বা বাতিল কৰিছে বিবাহৰ অনুষ্ঠান । কিন্তু কোৰোণা সংহাৰৰ মাজতেই আন একাংশই আকৌ বিবাহৰ বাবে বিচাৰি উলিয়াইছে ভিন্ন পথ । শেহতীয়াকৈ তামিলনাডুৰ মাদুৰাইৰ এক যুঁটিয়ে ৰাজ্যখনত নতুন কোভিড-১৯ নিষেধাজ্ঞাৰ মাজতে এখন বিমানত বিবাহ পাশত আৱদ্ধ হোৱা দেখিবলৈ পোৱা যায় । ৰাকেশ আৰু দক্ষিণা নামৰ দম্পতীহালে দুঘণ্টাৰ বাবে সম্পূৰ্ণ চাৰ্টাৰ্ড ফ্লাইট এখন ভাড়ালৈ লয় আৰু ১৬১ গৰাকী অতিথিক আমন্ত্ৰণ জনায়।
২৩ মে, ২০২১ তাৰিখে মাদুৰাইত এজন ট্ৰেভেল এজেণ্টে তেওঁলোকৰ বিয়াৰ বাবে স্পাইচজেট বোয়িং ৭৩৭ (Boeing 737) বিমান এখন ভাড়াত লৈছিল । গ্ৰাহকজনক অনুসৰণ কৰিবলগীয়া কোভিড নিৰ্দেশনা আৰু বোৰ্ডত পালন কৰিবলগীয়া যিকোনো কাৰ্যকলাপৰ বিষয়ে স্পষ্টভাৱে অৱগত কৰা হৈছিল। এই বিমানখনৰ অনুমোদন বিবাহ দলটোৰ আনন্দৰ যাত্ৰাৰ বাবে লোৱা হৈছিল।
এজেণ্ট আৰু অতিথি যাত্ৰীসকলক বিমানবন্দৰ আৰু সমগ্ৰ যাত্ৰাত বিমানখনত পালন কৰিবলগীয়া কোভিড নিৰ্দেশনা, সামাজিক দূৰত্ব আৰু সুৰক্ষাৰ নিয়মাৱলীৰ বিষয়ে লিখিত আৰু মৌখিকভাৱে বিতংভাৱে অৱগত কৰা হৈছিল। দলটোক অপাৰেটিং কেবিন ক্ৰুৰ দ্বাৰা অনুসৰণ কৰিবলগীয়া সুৰক্ষা নিয়মবোৰৰ বিষয়ে বাৰে বাৰে অৱগত কৰা হৈছিল। ইয়াৰ লগতে ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ ওপৰত থকা প্ৰতিবন্ধকতা সহ DGCA-য়ে নিৰ্ধাৰণ কৰা প্ৰটোকল অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। কিন্তু বিবাহৰ সময়ত সকলো ফুটুকাৰ ফেন হৈ পৰিল, পালন কৰা নহ'ল কোনো কোভিড নিৰ্দেশনা ।
বিবাহ যাত্ৰীৰ দলটো মাদুৰাইৰ পৰা বাংগালুৰুলৈ উৰা মাৰিছিল আৰু প্ৰথম ভ্ৰমণতেই বিবাহ সম্পন্ন হোৱাৰ পিছত মাদুৰাইলৈ উভতি আহিছিল। ১৬১ গৰাকী অতিথিৰ উপস্থিতিত, বিমানখন মাদুৰাইৰ মীনাক্ষী আম্মা মন্দিৰৰ ওপৰেৰে উৰন্ত অৱস্থাত প্ৰেমিক যুটিটোৱে বিবাহ পাশত আৱদ্ধ হৈছিল । ঘটনাটোৰ ফটো আৰু ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু আৰম্ভ হয় ইয়াক লৈ ভিন্ন প্ৰতিক্ৰিয়াৰ ।
ইপিনে এই ঘটনা সম্পৰ্কত মাদুৰাই বিমানবন্দৰৰ সঞ্চালক এছ চেন্থিল ভেলাভানে ANIক কয় এনদৰে "মাদুৰাইৰ পৰা কালি স্পাইচজেটৰ এখন চাৰ্টাৰ্ড বিমান বুক কৰা হৈছিল। বিমানবন্দৰ কৰ্তৃপক্ষৰ বিষয়াসকলে মাজ আকাশত অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানৰ বিষয়ে জ্ঞাত নাছিল।" ।
আনফালে ভাইৰেল ফটোবোৰত অতিথিসকলে কোভিড প্ৰটোকল ভংগ কৰি দম্পতীহালক আৱৰি থকা দেখা গৈছিল । বিয়াখনত কোনো সামাজিক দূৰত্ব অনুসৰণ কৰা হোৱা নাছিল। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো যাত্ৰীসকলে কোভিড নিৰ্দেশনা অনুসৰণ কৰা নাছিল আৰু বিমান সংস্থাটোৱে ইয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে।
উল্লেখ্য যে, তামিলনাডুত বৰ্তমান ৩১ মে'লৈকে লকডাউনত অব্যাহত আছে আৰু ৰাজ্যখনত এইপৰ্যন্ত ৩৫,৪৮৩ গৰাকী ব্যক্তিক কোভিড-১৯ পজিটিভৰূপে চিনাক্ত কৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|