ৰাজ্য চৰকাৰে ক'ৰোনাৰ চেইন ভাঙিবলৈ লকডাউন দিব পাৰে: কেন্দ্ৰীয় গৃহ মন্ত্ৰী

News18 Assam | News18-Assam
Updated:April 19, 2021, 7:54 AM IST
ৰাজ্য চৰকাৰে ক'ৰোনাৰ চেইন ভাঙিবলৈ লকডাউন দিব পাৰে: কেন্দ্ৰীয় গৃহ মন্ত্ৰী
ৰাজ্য চৰকাৰসমূহে লকডাউনৰ কথা বিবেচনা কৰিব পাৰে যদি তেওঁলোকে অনুভৱ কৰে যে ক'ৰোনা চেইন ভাঙিবলৈ লকডাউন হৈছে একমাত্ৰ বিকল্প: অমিত শ্বাহ

ৰাজ্য চৰকাৰসমূহে লকডাউনৰ কথা বিবেচনা কৰিব পাৰে যদি তেওঁলোকে অনুভৱ কৰে যে ক'ৰোনা চেইন ভাঙিবলৈ লকডাউন হৈছে একমাত্ৰ বিকল্প: অমিত শ্বাহ

  • Share this:
দ্ৰুতগতিত বৰ্ধিত ক'ৰোনা সংক্ৰমণৰ মাজত আন এটা লকডাউনৰ বিষয়ে আলোচনা হৈছে। ক'ৰোনাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে আমি ক'ৰোনাৰ দ্বিতীয় ঢৌৰ দ্ৰুত বৃদ্ধিৰ ওপৰত নজৰ ৰাখিছো। তেওঁ কয় যে ৰাজ্য চৰকাৰসমূহে লকডাউনৰ কথা বিবেচনা কৰিব পাৰে যদি তেওঁলোকে অনুভৱ কৰে যে ক'ৰোনা চেইন ভাঙিবলৈ লকডাউন হৈছে একমাত্ৰ বিকল্প।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লকডাউনৰ সম্ভাৱনাৰ ওপৰত ৰাজ্যসমূহৰ বিবেচনাৰ ওপৰত এৰি দিয়াৰ ইংগিত দিয়ে। এক সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে কেৱল ভাৰতেই নহয়, আন দেশসমূহেও কোভিডৰ নতুন ঢৌ আগতকৈ অধিক বিপদজনক বুলি কৈছে। আমি ভাৰতৰ জনসংখ্যাৰ ক্ষেত্ৰত আন দেশত ক'ৰোনাৰ ফলত হোৱা বৃহৎ ক্ষতিতকৈ ভাল কাম কৰিছো। আমি দাবী কৰিব পাৰোঁ যে ভাৰতে কোভিডৰ বিৰুদ্ধে যুঁজ দিয়াত অধিক ভাল প্ৰচেষ্টা কৰিছে, এই বুলি মন্তব্য কৰে অমিত শ্বাহে।
Published by: Kokil Sarma
First published: April 19, 2021, 7:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি