এটা ফোন কলতে ঘৰতে পাব খাদ্য সামগ্ৰী! হেল্পলাইন নম্বৰ মুকলি কৰাৰ প্ৰস্তুতি চৰকাৰৰ

News18 Assam | News18-Assam
Updated:March 25, 2020, 10:16 AM IST
এটা ফোন কলতে ঘৰতে পাব খাদ্য সামগ্ৰী! হেল্পলাইন নম্বৰ মুকলি কৰাৰ প্ৰস্তুতি চৰকাৰৰ
গৃহ মন্ত্ৰণালয়ে জাৰি কৰা পত্ৰত সকলো ৰাজ্যলৈ নিৰ্দেশ দিয়া হৈছে যে শীঘ্ৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰক, যাতে প্ৰয়োজনত ফোনত যোগাযোগ কৰিব পাৰে।

গৃহ মন্ত্ৰণালয়ে জাৰি কৰা পত্ৰত সকলো ৰাজ্যলৈ নিৰ্দেশ দিয়া হৈছে যে শীঘ্ৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰক, যাতে প্ৰয়োজনত ফোনত যোগাযোগ কৰিব পাৰে।

  • Share this:
কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত লকডাউন ঘোষণা কৰিছে। এই সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান অব্যাহত থাকিব, কোনো লোকৰ যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিব আৰু ডিজিপিলৈ পত্ৰ লিখিছে। সামগ্ৰীৰ যোগান অব্যাহত ৰখাৰ বাবে শীঘ্ৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে। যাতে কোনো লোকে সমস্যাৰ সন্মুখীন হ’লে ঘৰৰ পৰা ফোন কৰিব পাৰে। ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ।

গৃহ মন্ত্ৰণালয়ে জাৰি কৰা পত্ৰত সকলো ৰাজ্যলৈ নিৰ্দেশ দিয়া হৈছে যে শীঘ্ৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰক, যাতে প্ৰয়োজনত ফোনত যোগাযোগ কৰিব পাৰে। লকডাউন সম্পূৰ্ণৰূপে পালন কৰা হওক আৰু জনসাধাৰণে নিজৰ ঘৰতে থাকক, ইয়াৰ বাবে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰা হ’ব। দোকান আৰু বজাৰত যাতে ভিৰ নালাগে তাৰ বাবে দুৱাৰমুখতে সামগ্ৰী যোগান ধৰাৰ সুবিধা কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ। জনসাধাৰণক বাহিৰলৈ ওলোৱাৰ সলনি হেল্পলাইন নম্বৰৰ সহায় লোৱাৰ আহ্বান জনোৱা হৈছে। শীঘ্ৰে সকলো ৰাজ্যত এই ব্যৱস্থা কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি