মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid 19 in India, Loackdown: ইখনৰ পিছত সিখন ৰাজ্য়ত লকডাউন ঘোষণা। তামিলাডুত ১০ মে’ৰ পৰা ২৪ মে’লৈ লকডাউন।

Covid 19 in India, Loackdown: ইখনৰ পিছত সিখন ৰাজ্য়ত লকডাউন ঘোষণা। তামিলাডুত ১০ মে’ৰ পৰা ২৪ মে’লৈ লকডাউন।

News18 Assam | News18-Assam
Updated:May 8, 2021, 10:18 AM IST
Covid 19 in India, Loackdown: ইখনৰ পিছত সিখন ৰাজ্য়ত লকডাউন ঘোষণা। তামিলাডুত ১০ মে’ৰ পৰা ২৪ মে’লৈ লকডাউন।
তামিলনাডুত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২৬,৪৬৫ গৰাকী লোকআৰু মৃত্যু হৈছে ১৯৭গৰাকীৰ।

তামিলনাডুত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২৬,৪৬৫ গৰাকী লোকআৰু মৃত্যু হৈছে ১৯৭গৰাকীৰ।

  • Share this:
কোৰোণাৰ সংক্ৰমণৰ বাবে ইখনৰ পিছত সিখন ৰাজ্যত লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰসমূহ। কেৰাল, কৰ্ণাটকাত লকডাউন ঘোষণাকৰাৰ পিছত এইবাৰ তামিলনাডুতো লকডাউন ঘোষণা কৰিলে চৰকাৰে।

১০ মে’ৰ পৰা ২৪ মে’লৈ ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে তামিলনাডুত। ডিএমকে(DMK) চৰকাৰে নতুনকৈ দায়িত্ব লোৱাৰ পিছতে কোৰোণাৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। শুকুৰবাৰে নতুন মুখ্যমন্ত্ৰীৰূপে এম কে ষ্টেলিনে(MK Stalin)  শপত গ্ৰহণ কৰাৰ পিছতে কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেইবাটাও কঠোৰ পদক্ষেপ ঘোষণা কৰে।

শুকুৰবাৰে তামিলনাডুত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ২৬ হাজাৰ ৪৬৫ গৰাকী লোকআৰু মৃত্যু হৈছে ১৯৭গৰাকীৰ। ৰাজ্যখনত এতিয়ালৈ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৫,১৭১ জনৰ।

উল্লেখ্যে যে কেৰালা আৰু কৰ্ণাটকাত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে।
Published by: Manjumoni Borah
First published: May 8, 2021, 10:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি