LockDown: মহিলা চিকিৎসকক চৰ সোধালে আৰক্ষীয়ে, গৰাকীয়ে বাহিৰ কৰি দিলে ঘৰৰ পৰা

জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসকক ল’ক ডাউনৰ সময়ত আৰক্ষীয়ে অপদস্থ কৰাৰ অভিযোগ
জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসকক ল’ক ডাউনৰ সময়ত আৰক্ষীয়ে অপদস্থ কৰাৰ অভিযোগ
- News18 Assam
- Last Updated: March 25, 2020, 2:39 PM IST
তেলেংগানাৰ মমতা মেডিকেল কলেজৰ এজন স্নাতকোত্তৰ চিকিৎসকৰ অভিযোগ, ল’ক ডাউনৰ সময়ত চিকিৎসালয়লৈ গৈ থকাৰ অৱস্থাত এটা আৰক্ষী চেকপোষ্টত আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰে চিকিত্সকজনক। চিকিৎসকজনে কৈছে যে, সোমবাৰে ৮.৩০ বজাত জৰুৰীকালীন সেৱাৰ বাবে চিকিৎসালয়লৈ গৈ আছিল। সেইসময়তে আৰক্ষীয়ে তেওঁৰ গাড়ী ৰখাবলৈ সংকেত দিয়ে আৰু ৰাজহুৱা ভাবে অপদস্থ কৰে।
এগৰাকী মহিলা চিকিৎসকৰ অভিযোগ, চিকিৎসালয়লৈ গৈ থাকোতে তেওঁক আৰক্ষীয়ে ৰাস্তাত বাধা প্ৰদান কৰে। গাড়ীৰ পৰা নমাই আনকি চৰো সোধায়। পিছত আই কাৰ্ড দেখুওৱাৰ পিছতহে তেওঁক যাবলৈ দিয়ে। এতিয়া সেই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে চিকিৎসকগৰাকীয়ে এজাহাৰ দাখিল কৰিছে।
ইয়াৰ উপৰিও চিকিৎসা প্ৰদান কৰিবলৈ যাওতে এজন চিকিত্সকক ঘৰৰ পৰা গৰাকীয়ে বাহিৰ কৰি দিয়াৰো অভিযোগ উত্থাপিত হৈছে।