অভিনৱ কৌশল! ল’ক ডাউনৰ দিনা ঔষধৰ খালী বটল, ডায়েবেটিছৰ ঔষধ হাতত লৈ ৰাজপথলৈ ওলাল একাংশ

News18 Assam | News18-Assam
Updated:March 25, 2020, 6:20 PM IST
অভিনৱ কৌশল! ল’ক ডাউনৰ দিনা ঔষধৰ খালী বটল, ডায়েবেটিছৰ ঔষধ হাতত লৈ ৰাজপথলৈ ওলাল একাংশ
অভিনৱ কৌশল!

অভিনৱ কৌশল!

  • Share this:
সমগ্ৰ দেশতে ক'ৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা ল’ক ডাউনৰ আহ্বানৰ প্ৰতি দেখা গৈছে ব্যাপক সঁহাৰি। কিন্তু ইয়াৰ মাজতো অনবৰতে পিনপিনাই ফুৰা এচাম মানুহে ঘৰত সোমাই থকাৰ এই আহ্বানক মানি ল'ব পৰা নাই। কিন্তু ৰাজপথত অযথা কাৰণত ওলোৱা-সোমোৱা কৰা সকলক আৰক্ষীয়ে কঠোৰ ভাৱে খেদি পঠোৱাৰ ফলত এতিয়া সেইসকলে ল'ব লগা হৈছে কিছু নতুন পন্থা।

নগাঁৱত ঠিক তেনে উপায়েই অৱলম্বন কৰিলে ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিয়ে। চাইকেলৰ হেণ্ডেলত ‘ডায়েবেটিছৰ ঔষধ’ ওলোমাই ফুৰিবলৈ ওলাই আহিছিল ৰফিকুল। কিন্তু ডায়েবেটিছৰ ঔষধেও ৰক্ষা কৰিব নোৱাৰিলে ৰফিকুলক।

কৰ্তব্যৰত আৰক্ষীয়ে ঠগিব বিচৰা ৰফিকুলক খেদি পঠিয়ালে। কৰ্তব্যৰত আৰক্ষীৰ জোৱানৰ উগ্ৰমূৰ্ত্তি দেখি চতুৰ ব্যক্তি গৰাকীয়ে পলায়ণ কৰিবলৈ বাধ্য হ'ল। ঠিক একেদৰে বহু যুৱকে টেবলেটৰ খালি বাকচ, ঔষধৰ খালি ষ্ট্ৰীপ, পুৰণি প্ৰেছক্ৰিপছন আদি লৈয়ো ৰাজপথলৈ ওলাই আহিল। এইদৰেই Lock Downৰ মাজতো একাংশই চৰকাৰৰ আহ্বানক উপেক্ষা কৰা দেখা গ'ল।
আৰু চাওক
পৰৱৰ্তী বাতৰি