• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid 19 Assam: প্ৰথম পালি কোভিড ভেকচিন লোৱাৰ পাছতো পজিটিভ বোকাখাতৰ মহিলা। বোকাখাত অসামৰিক চিকিৎসালয়ত ভেকচিন শেষ।

Covid 19 Assam: প্ৰথম পালি কোভিড ভেকচিন লোৱাৰ পাছতো পজিটিভ বোকাখাতৰ মহিলা। বোকাখাত অসামৰিক চিকিৎসালয়ত ভেকচিন শেষ।

বোকোখাতত কোৰোণাৰ বাবে বাতিলকেইবাখনো বিহু সন্মিলনীৰ অনুষ্ঠান। কাজিৰঙাত সোমবাৰে পুনৰ এজন লোক কোভিড পজিটিভ।

বোকোখাতত কোৰোণাৰ বাবে বাতিলকেইবাখনো বিহু সন্মিলনীৰ অনুষ্ঠান। কাজিৰঙাত সোমবাৰে পুনৰ এজন লোক কোভিড পজিটিভ।

বোকোখাতত কোৰোণাৰ বাবে বাতিলকেইবাখনো বিহু সন্মিলনীৰ অনুষ্ঠান। কাজিৰঙাত সোমবাৰে পুনৰ এজন লোক কোভিড পজিটিভ।

  • Share this:
বোকাখাতত শেষ হ’ল কোভিড ভেকচিন(corona vaccination) আৰু কভিড টেষ্ট কিট ৷ সোমবাৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভেকচিন লবলৈ বহুলোকে ভিৰ কৰে । চিকিৎসালয়লৈ আহিছিল মাত্ৰ ৩০০ পালি ভেকচিন। সোমবাৰে চিকিৎসালয়খনলৈ অহা জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন ক্ষেত্ৰৰ চৰকাৰী কৰ্মচাৰীসকলক ভেকচিন প্ৰদান কৰাৰ পিছত পুৱা বেলাৰ ভিতৰতে সকলো ভেকচিন শেষ হৈ যায় ৷

আনহাতে কোভিড ১৯(Covid 19) ভেকচিন ল'বলৈ অহা লোকৰ কোভিড পৰীক্ষাৰ মাজতেই দুজনৰ শৰীৰত কোৰোণাৰ ভাইৰাছ(Corona Virus) ধৰা পৰে ৷ তেওঁলোক দুজন হল সুজাতা জালান আৰু অভিষেক সিং ৷

সুজাতা জালানে ইতিমধ্যে কোৰোণাৰ প্ৰথম পালি ভেকচিন লৈছিল। সোমবাৰে দ্বিতীয় পালি ভেকচিন  ল'বলৈ আহি পৰীক্ষা কৰোতে পজিটিভ ধৰা পৰে।

এইপিনে পূব বোকাখাত বসন্ত উৎসৱ বাতিল কৰিছে উদ্যোক্তাসকলে ৷ কোভিডক লৈ চৰকাৰে জাৰি কৰা নিৰ্দশনাৰ প্ৰতি সন্মান জনাই পূৱ বোকাখাত বসন্ত উৎসৱ, ২০২১ৰ সমূহ কাৰ্যসূচী বাতিল কৰা হয়।  একেদৰেই গোলাঘাট কেন্দ্ৰীয় বিহু সন্মিলনো বাতিল কৰিছে উদ্যোক্তাসকলে ৷ হীৰক জয়ন্তী বৰ্ষত ভৰি দিয়া বিহুখনৰ সোমবাৰে কৰ্ণধাৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে। তেলগৰম কেন্দ্ৰীয় বিহুও বাতিল কৰিছে উদ্যোক্তাসকলে ৷

ইয়াৰ মাজতে কাজিৰঙাত সোমবাৰে পুনৰ এজন লোক কোভিড পজিটিভ হয়। পৰ্যটক কঢ়িওৱা এখন বাহনৰ চালক প্ৰমোদ ৰয়ৰ কোৰোণাত আক্ৰান্ত হয়। দিল্লীৰ পৰা  শ্বিলং হৈ কাজিৰঙালৈ অহা দুজনীয়া পৰ্যটকৰ এটি দল কাজিৰঙাত উপস্থিত হোৱাৰ পিছতে চালকসহ পৰ্যটককেইজনৰ কৰা হয় কোভিড পৰীক্ষা। চালক প্ৰমোদ ৰয়ৰ দেহত কোভিড ধৰা পৰিল যদিও পৰ্যটক কেইজনৰ ৰিপ'ৰ্ট নিগেটিভ বুলি জানিবলৈ দিয়ে চিকিৎসকে।
Published by:Manjumoni Borah
First published: