কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰটৰী টেকনিছিয়ান উদয়ন শইকীয়া ।
কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰটৰী টেকনিছিয়ান উদয়ন শইকীয়া ।
কোৰোণা মহামাৰীৰ এই জটিল ক্ষণত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ ত্যাগে সকলোৰে অন্তৰ চুই গৈছে। তেনে এগৰাকী যুৱ স্বাস্থ্যকৰ্মী উদয়ন শইকীয়া। লেবৰটৰী টেকনিছিয়ান হিচাপে কৰ্মৰত হৈ আছে যোৰহাটৰ কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। কোভিডৰ এই ভয়ানক পৰিস্থিতিৰ সময়ত সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে উদয়নে। মূলতঃ পুব যোৰহাটত সকলোৰে মুখে মুখে এতিয়া কেৱল উদয়নৰ নাম।
উদয়ন শইকীয়া এতিয়া যেন সকলোৰে ত্ৰাণকৰ্তা। দিন-ৰাতি একাকাৰ কৰি এইগৰাকী স্বাস্থ্য কৰ্মীয়ে এইকেইদিন মাথোঁ মানৱ সেৱাতেই নিজকে সমৰ্পণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিজন ৰোগী অথবা চিকিৎসালয়খনলৈ অহা ব্যক্তিক মুগ্ধ কৰে এইগৰাকী স্বাস্থ্য কৰ্মীৰ সৰল ব্যৱহাৰ আৰু কাম-কাজে।
অঞ্চলটোৰ সকলোৰে প্ৰিয়ভাজন হৈ পৰা উদয়ন শইকীয়াক তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে যুৱকসকল একত্ৰিত হৈ কৰ্তব্যৰ মাজতে গামোচা পিন্ধাই উৎসাহিত কৰে।
উদয়ন শইকীয়া এটা মাত্ৰ উদাহৰণহে। কোভিড-১৯ ৰ এই জটিল ক্ষণত হাজাৰ হাজাৰ চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে এনেদৰেই নিজকে উছৰ্গা কৰিছে মাথোঁ মানৱ সেৱাত। সকলোৰে আশা সকলো কুশলে থাকক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|