কলিয়াবৰৰ কৃষ্ণ মহন্তৰ মহানুভৱতা, Covid19ৰ চিকিৎসালয় নিৰ্মাণৰ কাৰণে আগবঢ়ালে ১০বিঘা ভূমি

News18 Assam | News18-Assam
Updated:March 27, 2020, 10:32 PM IST
কলিয়াবৰৰ কৃষ্ণ মহন্তৰ মহানুভৱতা, Covid19ৰ চিকিৎসালয় নিৰ্মাণৰ কাৰণে আগবঢ়ালে ১০বিঘা ভূমি
অসমৰ স্বাস্থ্য বিভাগক নিজৰ ভূমি দান কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিছে কলিয়াবৰৰ ব্যৱসায়ী কৃষ্ণ মহন্ত

অসমৰ স্বাস্থ্য বিভাগক নিজৰ ভূমি দান কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিছে কলিয়াবৰৰ ব্যৱসায়ী কৃষ্ণ মহন্ত

  • Share this:
ক'ৰোণা ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ আশংকাত আগতীয়াকৈ তৎপৰ হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ। ক'ৰোণাৰ চিকিৎসাৰ বাবে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োজনীয় আন্ত:গাথনি গঢ়ি তোলাৰ স্বাৰ্থত দিনে-নিশাই ব্যস্ত হৈ পৰিছে। সেই সময়তে অসমৰ স্বাস্থ্য বিভাগক নিজৰ ভূমি দান কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিছে কলিয়াবৰৰ ব্যৱসায়ী কৃষ্ণ মহন্ত।

মহন্তই নিজৰ ১০ বিঘা মাটি অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দান কৰাৰ ইচ্ছাৰে কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগৰ ওচৰত দাখিল কৰিছে আবেদন। মহন্তৰ ইচ্ছা তেওঁ দান কৰিব বিচৰা ভূমিত নিৰ্মাণ হওক ক’ৰোণাত আক্ৰান্ত ৰোগীৰ বাবে এখন হাস্পতাল।

ইতিমধ্যে মহকুমাধিপতি বিতোপন নেওগেও অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীলৈ এই বিষয়ে অৱগত কৰি পত্ৰ প্ৰেৰণ কৰিছে। কলিয়াবৰৰ কৃষ্ণ মহন্তৰ এই মহানুভৱতাক বৰ্তমান শলাগিছে সকলোৱে। উল্লেখযোগ্য যে, কৃষ্ণ মহন্ত হ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading