কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিপদ আহিছে! পিছে কি এই বিপদ?

News18 Assam | News18-Assam
Updated:March 8, 2020, 3:12 PM IST
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিপদ আহিছে! পিছে কি এই বিপদ?
CAA, ক'ৰোণা আৰু কাজিৰঙা

CAA, ক'ৰোণা আৰু কাজিৰঙা

  • Share this:
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ বাবে সুখদায়ক নহয় চলিত বৰ্ষ!  বিগত বৰ্ষত অসম গৌৰৱ এশিঙীয়া গঁড়ৰ নিধনযজ্ঞ কমিলেও বানপানীৰ ফলত মৃত্যু হ'ল বহু জীৱ-জন্তুৰ। আনহাতে পৰ্য্যটকৰ ক্ষেত্ৰখনটো বিগত বৰ্ষকেইটিৰ তুলনাত এইবাৰ যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা গ'ল। ৰাষ্ট্ৰীয় উদ্যান খনত সাধাৰণতে ডিচেম্বৰ আৰু জানুৱাৰী মাহত পৰ্য্যটকৰ সংখ্যা বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু এইবেলি "কা" বিৰোধী আন্দোলনৰ বাবে পৰ্য্যটকৰ সংখ্যা যথেষ্ট হ্ৰাস পালে।

ৰাজ্যত "কা" বিৰোধী আন্দোলনৰ সময়ছোৱাত আনকি বহু বিদেশী পৰ্য্যটক আবদ্ধও হৈ থাকিব লগা হৈছিল। "কা" বিৰোধী আন্দোলনৰ পিছত ৰাজ্যৰ পৰিস্থিতি কিছু শান্ত হোৱাৰ পিছত পুনৰ উদ্যানখনলৈ পৰ্যটকৰ আগমন কিছু পৰিমাণে আৰম্ভ হৈছিল। কিন্তু এইবাৰ পুনৰ ক'ৰোণা ভাইৰাছৰ বাবে হ্ৰাস পালে পৰ্যটকৰ আগমন। বিদেশী পৰ্য্যটকৰ পৰা ক'ৰোণা ভাইৰাছ বিয়পাৰ ভয়ত বৰ্তমান বহু দেশী-বিদেশী পৰ্য্যটকে কাজিৰঙা ভ্ৰমণ বাতিল কৰিছে। আনহাতে কাজিৰঙাৰ পৰ্যটনৰ বিকাশৰ বাবে আয়োজন কৰা কাজিৰঙা মহোৎসৱৰো সকলো কাৰ্যসূচী বাতিল কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading