কাশ্মীৰৰ বুদগাম জিলাৰ তিনিটা পৃথক শিক্ষা প্ৰতিষ্ঠানৰ ৩৯ জন শিক্ষাৰ্থী আৰু পাঁচজন কৰ্মচাৰী সদস্যৰ বৃহস্পতিবাৰে COVID-19ৰ পজিটিভ ৰিজাল্ট আহে , যাৰ বাবে কৰ্তৃপক্ষই ১০ দিনৰ বাবে বন্ধ কৰিবলৈ বাধ্য হয়।বিষয়াসকলে কোৱা অনুসৰি Covid-19ৰ random testত এই ৰিজাল্টৰ কথা জানিব পৰা যায়।
বুদগামৰ মুখ্য শিক্ষা বিষয়া, চৈয়দ মহম্মদ আমিনে পিটিআইক কোৱা মতে জিলাখনত নগাম অঞ্চলৰ হাফৰু বাতাপোৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩৩ জন শিক্ষাৰ্থী আৰু চাৰিজন কৰ্মচাৰী Covid পজিটিভ ৰিজাল্ট আহে। চিকিৎসা দলবোৰে বিদ্যালয়ৰ ৫৮৪ জন শিক্ষাৰ্থীৰ ওপৰত Covid-19ৰ random test কৰিছিল।
তেওঁ কৈছিল যে এটা যোগাযোগ অনুসৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু Covid পজিটিভৰ পৰিয়ালৰ সদস্যসকলকো পৰীক্ষা কৰা হ'ব। বিদ্যালয়খন ১০ দিনৰ বাবে বন্ধ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে, বিষয়াজনে লগতে কয়।
তেওঁ আৰু কয় যে জিলাখনৰ বিৰৱাহ অঞ্চলৰ এখন অনাথ আলয়ত Covid-19ৰ random test কৰা হৈছিল আৰু তাত থকা ছয়জন শিক্ষাৰ্থীৰ নমুনা Covid পজিটিভ আহিছিল। এই প্ৰতিষ্ঠানটো পাঁচ দিনৰ বাবে বন্ধ হৈ আছে বুলি তেওঁ লগতে কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|