বুধবাৰে ৰাজ্য়ত ৩৮৫গৰাকী লোক হৈছে কোৰোণা পজিটিভ। কোৰোণা পৰীক্ষা কৰা হৈছিল ৩০০৬৫গৰাকীৰ। পজিটিভিটী হাৰ ১.২৮ শতাংশ।
বুধবাৰে ৰাজ্য়ত ৩৮৫গৰাকী লোক হৈছে কোৰোণা পজিটিভ। কোৰোণা পৰীক্ষা কৰা হৈছিল ৩০০৬৫গৰাকীৰ। পজিটিভিটী হাৰ ১.২৮ শতাংশ।
প্ৰতিদিনেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোণাৰ সংক্ৰমণে। বিশেষকৈ কামৰূপ মহানগৰত (Kamrup Metro) কোৰোণাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে। বুধবাৰে কামৰূপ মহানগৰ জিলাত নতুনকৈ আক্ৰান্ত হৈছে ২০১গৰাকী লোক। কামৰূপ মহানগৰত মঙলবাৰে আক্ৰান্ত হৈছিল ২৪৯ গৰাকী লোক।
বুধবাৰে সমগ্ৰ ৰাজ্য়ত মুঠ ৩৮৫গৰাকী লোক নতুনকৈ কোৰোণা পজিটিভ হৈছে। দিনটোত ৰাজ্যখনত কোৰোণা পৰীক্ষা কৰা হৈছিল ৩০০৬৫গৰাকী লোকৰ। ইয়াৰে ১.২৮ শতাংশ অৰ্থাৎ ৩৮৫ গৰকাীক পজিটিভ পোৱা যায়।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) নিজৰ টুইটাৰত প্ৰকাশ কৰিছে এই তথ্য।
উল্লেখ্য যে অসমত সোমবাৰে পজিটিভিটী হাৰ আছিল ০.৫৭ শতাংশ। সেইদিনা ৰাজ্যত ১ লাখৰ অধিক কোৰোণা পৰীক্ষা কৰোৱা হৈছিল। মঙলবাৰে পজিটিভিটী হাৰ আছিল ০.৯৯ শতাংশ। আনহাতে যোৱা দেওবাৰে পজিটিভিটী হাৰ আছিল ০.৪৮ শতাংশ। এক কথাত কোৰোণাৰ সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে বাঢ়ি আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|