ক’ৰোণাতংকঃ নিজম পৰিল কামাখ্যা ধাম, দর্শনাৰ্থীৰ বাবে বন্ধ হ’ল দুৱাৰ

News18 Assam | News18-Assam
Updated:March 20, 2020, 1:55 PM IST
ক’ৰোণাতংকঃ নিজম পৰিল কামাখ্যা ধাম, দর্শনাৰ্থীৰ বাবে বন্ধ হ’ল দুৱাৰ
অৱশেষত সাময়িকভাৱে দর্শনাৰ্থীৰ বাবে বন্ধ হ’ল শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ

অৱশেষত সাময়িকভাৱে দর্শনাৰ্থীৰ বাবে বন্ধ হ’ল শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ

  • Share this:
অৱশেষত সাময়িকভাৱে দর্শনাৰ্থীৰ বাবে বন্ধ হ’ল শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ। ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কামাখ্যা মন্দিৰ কতৃপক্ষই।শুকুৰবাৰৰ পৰা কোনো দেশী-বিদেশী ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব কামাখ্যা মন্দিৰত।

ইয়াৰ পূৰ্বে মন্দিৰ পৰিচালনা সমিতিয়ে ক'ৰোণা সংক্ৰমণ ৰোধ কৰিবৰ বাবে সীমিত দর্শনাৰ্থীৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছিল। লগতে  মূল দুৱাৰ মুখত চেনিটাইজাৰ আৰু স্ক্ৰেণিঙৰ সুবিধা প্ৰদান কৰিছিল।

দেশী-বিদেশী সমাগম হোৱা আন আন স্থান উমানন্দ দেৱালয়,বশিষ্ট মন্দিৰ,শুক্লেশ্বৰ মন্দিৰ,নৱগ্ৰহ মন্দিৰ আৰু উগ্ৰতৰা মন্দিৰো ভক্তৰ বাবে বন্ধ কৰাৰ সম্ভাৱনা আছে।ইতিমধ্যে কামৰূপ জিলা প্ৰশাসনে এই সমূহ স্থানত সীমিত সংখ্যক দর্শনাৰ্থীৰ প্ৰৱেশৰ অনুমতি দিবলৈ মন্দিৰ পৰিচালনা সমিতিক আহ্বান জনাইছে।
Published by: Himangshu Bhuyan
First published: March 20, 2020, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading