" দেশৰ বিভিন্ন ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা ক'ভিড সংক্ৰমণৰ কথা চিন্তা কৰিয়েই আমি বৰ্তমান বিহু সন্মিলনখন বাতিল কৰিবলৈ সিদ্ধান্ত লৈছো । পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত আমি জুবিন গাৰ্গৰ বিশেষ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম । " যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি কামাখ্যা মোহন দাসে এনেদৰে কয় ।
পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অহা ৯মে'ত অনুষ্ঠিত হব লগা ৰঙালী বিহু সন্মিলনৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে উদ্যোক্তাসকলে জনপ্ৰিয় কন্ঠশিল্পী অঙ্গৰাগ পাপন মহন্তৰ সৈতে যোগাযোগ কৰিছিল যদিও শেষ মুহূৰ্তত বাতিল কৰে নিশাৰ সাংস্কৃতিক অনুষ্ঠান । ক'ভিড পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি তথা ক'ভিড প্ৰট'কলসমূহ মানি জনপ্ৰিয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাত থকা বহু অসুবিধাৰ বাবে এই অনুষ্ঠান বাতিল কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে । ইয়াৰ বিপৰীতে এই বিহু সন্মিলন অনুষ্ঠিত হ'ব বিহুৰ লগতে অসমৰ বহুকেইটা জনগোষ্ঠীৰ শিল্পীসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ব লগা মুকলি বিহুৰে ।
" ক'ভিড প্ৰট'কলৰ মাজেৰে পাপনৰ দৰে জনপ্ৰিয় শিল্পীৰ অনুষ্ঠান অনুষ্ঠিত কৰাত বহু অসুবিধা আছে । সেয়েহে আমি এইবাৰ হুচৰি বিহুৰ লগতে অসমৰ বহুকেইটা জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনেৰে ক'ভিড প্ৰট'কল মানি মুকলি বিহু অনুষ্ঠিত কৰিম । ", পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি ৰবীন শইকীয়াই এনেদৰে কয় ।
অসমৰ বিভিন্ন স্থানত বিহু সন্মিলনসমূহ ক্ৰমাৎ অনুষ্ঠিত হবলৈ লওতেই ক'ভিডৰ আগ্ৰাসনক লৈ যাতে হৃদয় বিদাৰক পৰিস্থিতিৰ সৃষ্টি নহয় বৰ্তমান তাক লৈ সচকিত হৈ পৰিছে বহু লোক ।