ক’ৰোণাতংকঃ যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰিলে হ’ব জে’ল!

News18 Assam | News18-Assam
Updated:March 22, 2020, 2:18 PM IST
ক’ৰোণাতংকঃ যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰিলে হ’ব জে’ল!
কঠোৰ যোৰহাট জিলা প্ৰশাসন

কঠোৰ যোৰহাট জিলা প্ৰশাসন

  • Share this:
ক'ৰোণা ভাইৰাছ ৰুধিবলৈ সম্প্ৰতি অধিক কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন। ইতিমধ্যে যিসকল অন্যান্য ৰাজ্যত থকা লোক যোৰহাটলৈ উভতি আহিছে অথবা সন্দেহজনক বুলি চিনাক্ত কৰিছে, তেওঁলোকক ইতিমধ্যে ১৪ দিনলৈ ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

কিন্তু এইসকলৰ মাজৰে একাংশই বজাৰ অথবা ৰাজহুৱা স্থানত ঘুৰি ফুৰাৰ অভিযোগ লাভ কৰি অধিক কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন। এনে নিৰ্দেশনা ভংগকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ তৈয়াৰ কৰিছে ‘JAIL CUM QUARANTINE CENTRE’। নিয়ম ভংগকাৰী সন্দেহজনক সকলক ৰখিব যোৰহাটৰ ভগামুখ আদৰ্শ চিকিৎসালয়ৰ এই বিশেষ CELLত।



সিমানেই নহয়, এনে নিৰ্দেশনা অমান্যকাৰীৰ ওপৰত ৰুজু হ’ব গোচৰ। এই সন্দৰ্ভত ভগামুখ আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডা. গীতাশ্ৰী গগৈয়ে কয় যে, ‘ইতিমধ্যে ভগামুখ আদৰ্শ চিকিৎসায়ত তৈয়াৰ কৰা হৈছে এটা সুকীয়া কক্ষ। উক্ত কক্ষতেই ৰখা হ’ব সন্দহজনক লোকসকলক। অৱশ্যে ক'ৰোণাৰ যি ভয়াৱহতা , সেয়া ৰোধ কৰিবলৈ সকলো ৰাইজ সজাগ হোৱাৰ প্ৰয়োজন আছে আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ প্ৰতি সকলোৰে সহযোগিতা অতি গুৰুত্বপূৰ্ণ’।
আৰু চাওক
পৰৱৰ্তী বাতৰি