JMCHৰ লেবৰ পৰীক্ষাত কোৰোণা পজিটিভ এটি শিশু, Covid-19 হয় নে নহয় সেয়া কাইলৈহে হ’ব স্পষ্ট

News18 Assam | News18-Assam
Updated:March 21, 2020, 10:10 PM IST
JMCHৰ লেবৰ পৰীক্ষাত কোৰোণা পজিটিভ এটি শিশু, Covid-19 হয় নে নহয় সেয়া কাইলৈহে হ’ব স্পষ্ট
প্ৰথম পৰীক্ষাত পজিটিভ ওলোৱাৰ পিছত ইতিমধ্যে সম্পূৰ্ণ নিশ্চিত হ’বলৈ লাহোৱালৰ ICMR লেবলৈ নমুনা প্ৰেৰণ কৰাৰ কথা যোৰহাট জিলা উপায়ুক্তই জনাইছে।

প্ৰথম পৰীক্ষাত পজিটিভ ওলোৱাৰ পিছত ইতিমধ্যে সম্পূৰ্ণ নিশ্চিত হ’বলৈ লাহোৱালৰ ICMR লেবলৈ নমুনা প্ৰেৰণ কৰাৰ কথা যোৰহাট জিলা উপায়ুক্তই জনাইছে।

  • Share this:
অসমত প্ৰথমজন কোৰোণা আক্ৰান্ত ৰোগী চিনাক্ত। পুলিবৰৰ এটি চাৰে চাৰি বছৰীয়া কন্যা শিশু কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে। যোৰহাট মেডিকেল কলেজ হাস্পতালত প্ৰাৰম্ভিক পৰীক্ষাত শিশুটি কোৰোণা পজিটিভ ওলোৱাৰ কথা নিশ্চিত কৰিছে যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা উপায়ুক্ত ৰৌশনী অপাৰঞ্জী ক’ৰাটিয়ে।

শংকাৰ কথা হৈছে শিশুটি আৰু পৰিয়াল বিহাৰৰ পৰা ৰে’লেৰে অসমত উপস্থিত হৈছিল। ইয়াৰ পিছতে শিশুটি কোৰোণা পজিটিভ ওলায়। যোৱা ১৯মাৰ্চত শিশুটি, তেওঁৰ ভগ্নী আৰু মাতৃ ৰে’লেৰে আহি যোৰহাটত উপস্থিত হৈছিল। ৰোগীৰ পৰিয়ালটো শলমাৰা স্বাস্থ্য কেন্দ্ৰ অঞ্চলৰ। কন্যা শিশুটিৰ মাজত কোৰোণাৰ লক্ষণ প্ৰকাশ পোৱাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে পৰিয়ালটোক ২০মাৰ্চত লগ কৰি জেএমচিএইছলৈ আনে। লগে লগে শিশুটিৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয় আৰু সন্ধিয়া পৰীক্ষাৰ ফল ওলায়।

জিলা উপায়ুক্তই প্ৰকাশ কৰা মতে, প্ৰশাসনে শিশুটিৰ সংস্পৰ্শলৈ অহা প্ৰত্যেকজন ব্যক্তিক বিচাৰি উলিওৱাৰ কাম আৰম্ভ কৰিছে। সকলোকে হোম কোৱাৰানটাইনত ৰখা হৈছে। পৰিয়ালটিক লগ ধৰা আশা কৰ্মীসকলকো একেই ধৰণে ৰখা হৈছে। গোটেই পৰিয়ালটোক জেএমচিএইছৰ আইছ’লেশ্যন ৱাৰ্ডত ৰখা হৈছে।

উল্লেখযোগ্য যে, JMCH ত কোৰোণা ভাইৰাছৰ পজিটিভ ফলাফল ওলাইছে স্ক্ৰিনিঙ টেষ্টৰ ফলাফলত। ই-জিনৰ পৰীক্ষাৰ ফলাফলত পোহৰলৈ আহিছে এই তথ্য । কিন্তু এয়া COVID 19 ৰ কোৰোণা ভাইৰাছ হয়নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই । যিহেতু কেইবা প্ৰকাৰৰ কোৰোণা ভাইৰাছ আছে গতিকে এয়া COVID 19 ৰ কোৰোণা ভাইৰাছ হয়নে নহয় সেয়া নিশ্চিত হবৰ বাবে ৰোগীৰ নমুনা ডিব্ৰুগড়ৰ লাহোৱাল স্থিত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

গুৰুত্বপূৰ্ণ যে, দ্বিতীয় পৰীক্ষাৰ পিছত সম্পূৰ্ণ নিশ্চিত হ’ব পৰা যাব আৰু চৰকাৰীভাৱে সকলো কথা প্ৰকাশ কৰা হ’ব। এইপৰ্যন্ত কোৰোণাত আক্ৰান্ত হোৱাৰ শংকা সম্পূৰ্ণ নিশ্চিত হোৱা নাই।
Published by: Tulika Devi
First published: March 21, 2020, 10:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading