কোৰোণাত আক্ৰান্ত হোৱাৰ এবছৰ পিছলৈ দেহত এণ্টিব'ডীৰ সম্ভেদ পোৱা বুলি দাবী কৰিছে জাপানৰ এটা অধ্যয়নে। সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন মতে, জাপানৰ ইয়োকোহামা চিটি ইউনিভাৰ্ছিটীৰ এক অধ্যয়নত দেখা গৈছে এই বিষয়টো। ইয়োকোহামা চিটি ইউনিভাৰ্ছিটীৰ অধ্যয়নত প্ৰকাশ পোৱা মতে, ৯৬ শতাংশ ৰোগীৰ দেহত কোৰোণা আক্ৰান্তৰ এবছৰৰ পিছতো এণ্টিব'ডী থকাৰ প্ৰমাণ পোৱা গৈছে। এই জৰীপটো ২১ৰ পৰা ৭৮ বছৰ বয়সৰ ২৫০গৰাকী লোকৰ ওপৰত কৰা হৈছিল।
যোৱা বছৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিলৰ ভিতৰত লোককেইগৰাকী কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল। ইয়াৰ কিছুসংখ্যকৰ দেহত কোৰোণাৰ মৃদু লক্ষণ আছিল বা লক্ষণহীন আছিল। কোৰোণা আক্ৰমণৰ পিছত কেইবাজনো লোকৰ অৱস্থা সংকটজনকো আছিল। কিন্তু পৰৱৰ্তী বছৰত তেওঁলোক আটাইৰে শৰীৰত এণ্টিব'ডী গঠন হোৱা দেখা গৈছিল।
ইয়োকোহামা চিটি ইউনিভাৰ্ছিটীৰ অধ্যয়নটোত এইটোও পোৱা গৈছে যে যোৱাবছৰ কোৰোণা ভাইৰাছৰ মৃদু লক্ষণ থকা ৬৯ শতাংশ লোকৰ ৬ মাহৰ পিছত শৰীৰত এণ্টিব'ডী বিকশিত হৈছিল। তেওঁলোকৰ শৰীৰৰ এই এণ্টিব'ডী কোৰোণাৰ দক্ষিণ আফ্ৰিকাৰ ষ্ট্ৰেইনৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম আছিল। আনহাতে কোৰোণাৰ ইণ্ডিয়ান ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজ দিবলৈ ৭৫ শতাংশ এণ্টিব'ডী, ব্ৰাজিলৰ ষ্ট্ৰেইনৰ বিৰুদ্ধে যুঁজ দিবলৈ ৮১ শতাংশ এণ্টিব'ডী আৰু ইউ কে ষ্ট্ৰেইনৰ বিৰুদ্ধে যুঁজ দিবলৈ ৮৫ শতাংশ এণ্টিব'ডী দেখা গৈছিল উক্ত লোকসকলৰ শৰীৰত।
সম্প্ৰতি এই লোকসকলক কোৰোণাৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু অধিক সক্ষম কৰি তোলাৰ বাবে অধ্যয়নটোৱে এই সিদ্ধান্ত প্ৰকাশ কৰিছে যে কোভিড-১৯ৰ ভিন্ন প্ৰকাৰৰ দ্বাৰা বচাৰ খাতিৰত তেওঁলোকৰ টিকাকৰণ কৰিব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|