ক’ৰোণাতংকঃসোমবাৰে পুৱা ৮ বজালৈকে জনতা কাৰ্ফিউ

News18 Assam | News18-Assam
Updated:March 22, 2020, 6:36 PM IST
ক’ৰোণাতংকঃসোমবাৰে পুৱা ৮ বজালৈকে জনতা কাৰ্ফিউ
Source-Google

ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহ্বান কৰিছিল ‘জনতা কাৰ্ফিউ’।

  • Share this:
ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহ্বান কৰিছিল ‘জনতা কাৰ্ফিউ’। সমগ্ৰ দেশবাসীয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানলৈ ব্যাপক সঁহাৰি জনোৱাৰ লগতে সন্ধিয়া পাঁচ বজাত হাত–চাপৰি, শংখ বজাই জৰুৰীকালীন সেৱাত নিয়োজিতসকললৈ সন্মান প্ৰদৰ্শন কৰে।

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি এতিয়া বৃদ্ধি কৰা হৈছে জনতা কাৰ্ফিউৰ ম্যাদ। কাইলৈ পুৱা ৮ বজালৈকে ‘জনতা কাৰ্ফিউ’ মানিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে অসম আৰক্ষীয়ে। লগতে সকলোকে সজাগ সচেতন হোৱাৰ লগতে আতংকিত নহ’বলৈও জনাইছে আহ্বান।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading