দেশত কোৰোনাৰ দ্বিতীয় ঢৌ এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই। কোভিডৰ নতুন প্ৰকাৰবোৰে (Covid Variants) মানুহৰ সন্মুখত নতুন প্ৰত্যাহ্বান আনিছে। সমান্তৰালভাৱে চলি আছে ইয়াক প্ৰতিৰোধ কৰাৰ উপায়। অৱশ্যে, এতিয়ালৈকে কেৱল কোভিড প্ৰটোকল পালন কৰা আৰু ভেকচিনেই কাৰ্যকৰী উপায় ৰূপে গণ্য কৰি থকা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেও দেশত টিকাকৰণ (Vaccination)ৰ বাবে জোৰ দি আছে আৰু অধিকসংখ্যক লোকক ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনাইছে।
অৱশ্যে, চৰকাৰ আৰু স্বাস্থ্য বিশেষজ্ঞসকলে যিসকল লোক কোৰোনা পজিটিভ হোৱাৰ পিছত আৰোগ্য হৈছে আৰু এণ্টিবডী (Antibodies) গঠন হৈছে তেওঁলোকক কেইদিনমানৰ বাবে ভেকচিন নল'বলৈ পৰামৰ্শ দি আহিছে। এইক্ষেত্ৰত কোৱা হৈছে যে কোৰোনাৰ পৰা আৰোগ্য হোৱা লোকসকল তিনি মাহৰ পৰা ছয় মাহলৈ ভেকচিন নল'লেও সুৰক্ষিত। অৱশ্যে কোৰোনাৰ পৰা আৰোগ্য হোৱাৰ কেইদিনমানৰ ভিতৰতে বহু লোকে ভেকচিন গ্ৰহণ কৰি আছে। এই প্ৰসংগত চিকিৎসকসকলে কয় যে এনে কৰাটো ক্ষতিকাৰক নহয়, বৰঞ্চ কোৰোনাৰ নতুন প্ৰকাৰৰ প্ৰাদুৰ্ভাৱ সাপেক্ষে ই সুবিধাজনকহে হ'ব পাৰে।
কোৰোনাৰ পৰা আৰোগ্য লাভৰ ৩ মাহৰ ভিতৰতে ভেকচিন গ্ৰহণ কৰাসকলৰ প্ৰসংগত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছৰ প্ৰাক্তন সঞ্চালক ড০ এম চি মিশ্ৰই কয় যে কোৰোনা ভেকচিনৰ উপৰি বিশ্বজুৰি ভেকচিনৰ বুষ্টাৰ (Booster Dose) সম্পৰ্কেও বিতৰ্ক চলি আছে। বিজ্ঞানীসকলেও কোৰোনাৰ নতুন প্ৰকাৰৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ শৰীৰক অধিক শক্তিশালী স্থিতিত ৰখাৰ বাবে বুষ্টাৰ ডোজ প্ৰয়োগ কৰাটো সঠিক হ'ব পাৰে নেকি তাক লৈ বিতৰ্ক কৰি আছে।
বুষ্টাৰ ডোজৰ দৰে কাম কৰে
ডাঃ এম চি মিশ্ৰই কয় যে যদিও কোৰোনা ভেকচিনৰ বুষ্টাৰ ডোজক লৈ এতিয়ালৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই, তথাপি কোৰোনাৰ পিছত গঠন হোৱা এণ্টিবডী দেহত থকা অৱস্থাত কোভিড ভেকচিন গ্ৰহণ কৰিলে ই নিশ্চিতভাৱে শৰীৰত বুষ্টাৰ ডোজ হিচাপে কাম কৰিব। বিজ্ঞানীসকলেও অনুমান কৰিছে যে এই কাৰ্যই এজন ব্যক্তিৰ শৰীৰত কোৰোনাৰ নতুন মিউটেচনৰ সংক্ৰমণক বাধা দিব।
গতিকে সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰি যদিও এজন ব্যক্তিয়ে কোৰোনাৰ পৰা আৰোগ্য হোৱাৰ এমাহ, দুমাহ, তিনি মাহ বা ছমাহ পিছত ভেকচিন লয়, তেন্তে ই লাভজনক। ইয়াত কোনো ক্ষতি নাই।
আনহাতে আই চি এম আৰৰ ড০ এন কে অৰোৰাই কয় যে কোৰোনাৰ পৰা আৰোগ্য হোৱা ব্যক্তি এজনক ভেকচিন দিয়া হ'লে তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু অধিক ভাল হয়। ই কোৰোনাৰ যিকোনো প্ৰকাৰৰ সংক্ৰমণক প্ৰতিহত কৰে।
কোৰোনাক লৈ ভেকচিন যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে। কোৰোনা আৰু ভেকচিনৰ ওপৰত নতুন গৱেষণাও পোহৰলৈ আহিছে। শেহতীয়া এক গৱেষণাই প্ৰকাশ কৰিছে যে কোৰোনাৰ পৰা আৰোগ্য হোৱাৰ পিছত ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) প্ৰায় এবছৰ শক্তিশালী হৈ থাকে, ফলত তেওঁৰ পুনৰ কোভিড–১৯ (Covid-19)ৰ আশংকা হ্ৰাস হয়। এই ক্ষেত্ৰত এবছৰ সম্পূৰ্ণ হোৱাৰ আগতে ভেকচিন ল'লে ক্ষমতা অধিক বৃদ্ধি হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|