কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰক ভাৰতীয় পৰম্পৰা, পৰামৰ্শ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:March 5, 2020, 10:02 AM IST
কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰক ভাৰতীয় পৰম্পৰা, পৰামৰ্শ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ
Photo : Al Jazeera

এই ভাইৰাছৰ কবলত পৰি বিশ্বজুৰি এতিয়ালৈ ৩ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

  • Share this:
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ নিজ দেশৰ নাগৰিকসকলক ভাৰতীয় পৰম্পৰা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, কোনো লোকক অভিবাদন জনাবলৈ কৰমৰ্দন নহয়, ভাৰতীয়সকলৰ দৰে নমস্কাৰ জনাওক। ইয়াৰ দ্বাৰা কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত সহায়ক হ’ব।

এক সংবাদমেলত নেতান্যাহুৱে কয় যে, এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন উপায় ঘোষণা কৰা হ’ব। কিন্তু আমি নিজেই কিছুমান উপায় অৱলম্বন কৰিব পাৰো। কোনো লোকক অভিবাদন জনোৱাৰ সময়ত কৰমৰ্দন কৰাৰ সলনি ভাৰতীয়সকলৰ দৰে নমস্কাৰ জনাওক।

উল্লেখযোগ্য যে এই ভাইৰাছৰ কবলত পৰি বিশ্বজুৰি এতিয়ালৈ ৩ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। লগতে ৯০ হাজাৰৰো অধিক লোকৰ দেহত সংক্ৰমণ হৈছে এই ভাইৰাছ। কিন্তু এতিয়া মানুহৰ লগতে জন্তুৰ দেহলৈও বিয়পিছে Covid 19 ভাইৰাছ।
আৰু চাওক
পৰৱৰ্তী বাতৰি