IPL 2021: মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত IPLৰ খেলক লৈ অনিশ্চয়তা। স্থানীয় লোকে খেল স্থানান্তৰৰ বাবে পত্ৰ লিখিলে মুখ্য মন্ত্ৰীলৈ।

News18 Assam | News18-Assam
Updated:April 7, 2021, 7:56 PM IST
IPL 2021: মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত IPLৰ খেলক লৈ অনিশ্চয়তা। স্থানীয় লোকে খেল স্থানান্তৰৰ বাবে পত্ৰ লিখিলে মুখ্য মন্ত্ৰীলৈ।
Wankhede : মুম্বাইত ক'ৰোনাৰ সংক্ৰমণ বৃদ্ধিত আতংকিত ৱানখেড়ে ষ্টেডিয়ামৰ সমীপৰ লোক। IPLৰ খেল হ'লে ভয়াৱহ হ'ব ক'ৰোনাৰ পৰিস্থিতি।

Wankhede : মুম্বাইত ক'ৰোনাৰ সংক্ৰমণ বৃদ্ধিত আতংকিত ৱানখেড়ে ষ্টেডিয়ামৰ সমীপৰ লোক। IPLৰ খেল হ'লে ভয়াৱহ হ'ব ক'ৰোনাৰ পৰিস্থিতি।

  • Share this:
মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামৰ সমীপত থকা লোকসকলৰ এখন পত্ৰই ষ্টেডিয়ামখনত হ'বলগা খেলকেইখনক লৈ সৃষ্টি কৰিছে অনিশ্চয়তা। স্থানীয় লোকে ৱানখেৰেত হ'ব লগা খেলকেইখন অন্য ষ্টেডিয়ামলৈ স্থানান্তৰৰ  দাবী জনাইছে মুখ্খমন্ত্ৰী উদ্ধৱ থাকৰেলৈ ২ এপ্ৰিলত লিখিছিল পত্ৰ।

শেহতীয়াকৈ মুম্বাইত ক'ৰোনাৰ সংক্ৰমণ ভয়াৱহ হাৰত বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি এই পত্ৰ লিখিছে স্থানীয়লোকে।

IPLৰ খেল হ'লে এলেকাটোত বৃহৎ সংখ্যক লোকৰ সমাগম হ'ব যিটো মহামাৰীৰ সময়ত অতিকে বিপদজনক হ'ব বুলি মন্তব্য কৰিছে স্থানীয় লোকে।

উদ্বেগৰ কথাটো হ'ল, ষ্টেডিয়ামখনৰ ১১ জন গ্ৰাউণ্ড ষ্টাফ কোভিড পজিটিভ পোৱা গৈছে। সাধাৰণতে খেলুৱৈ বা অন্য বিষয়া থকাৰ দৰে নিৰ্দিষ্ট এটা ঠাইত নাথাকে গ্ৰাউণ্ড ষ্টাফসকল। ট্ৰেইন বা বাছেৰে বা অন্য ৰজহুৱা পৰিবহণ ব্যৱস্থাৰেহে তেওঁলোক ষ্টেডিয়ামলৈ আহে। শেহতীয়াকৈ গ্ৰাউণ্ড ষ্টাফসকলক ষ্টেডিয়ামৰ ভিতৰতে থকাৰ ব্যৱস্থা কৰা হৈছে যদিও স্থানীয় লোকে সংক্ৰমণৰ আশংকা নুই কৰা নাই।
Published by: Manjumoni Borah
First published: April 7, 2021, 7:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি