সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। ভাৰতবৰ্ষতো এতিয়ালৈকে ৭৫ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। ক’ৰোণা ভাইৰাছে ক্ৰমাৎ ভয়াৱহতাৰ ৰূপ ধাৰণ কৰাত আগন্তুক IPL ২০২০ সংস্কৰণ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে BCCIএ।
এখন জাননী জাৰি কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে। বৰ্ডে উল্লেখ কৰিছে যে, ‘ ২০২০ চনৰ ১৫ এপ্ৰিলৰ পৰাহে আৰম্ভ হ’ব IPL2020। ক’ৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিচিচিআই আয়োজক , প্ৰতিটো ফ্ৰেঞ্চাইজী আৰু ক্ৰিকেট অনুৰাগীৰ স্বাস্থ্যক লৈ চিন্তিত। বৰ্তমান এই বিষয়টোত চৰকাৰৰ সৈতে আলোচনা কৰিছে বিচিচিআইয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 13, 2020, 15:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|