ক’ৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৰ ব্যতিক্ৰমী পদক্ষেপ
ক’ৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৰ ব্যতিক্ৰমী পদক্ষেপ
ক’ৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৰ ব্যতিক্ৰমী পদক্ষেপ। ৰে’লৰ কেবিনক দিয়া হৈছে চিকিৎসালয়ৰ ৰূপ! সাময়িক ভাবে ভাৰতীয় ৰে’লৱেৰ দবা আৰু কেবিন সমূহক আইছ’লেছন ৱাৰ্ড হিচাপে সজাই তুলা হৈছে। দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যালৈ লক্ষ্য কৰি এই ব্যৱস্থা কৰিছে ভাৰতীয় ৰে’ল বিভাগে।
নন এচি কোৰ্চৰ মুঠ ১০ টা কেবিনক দিয়া হৈছে এই ৰূপ। প্ৰত্যেকটো কেবিনতে মাত্ৰ এটা বাৰ্থ ৰখা হৈছে। লগতে থাকিব তিনিটা শৌচাগাৰ। তাৰে তিনিটা ইণ্ডিয়ান টয়লেট। প্ৰত্যেকটো কেবিনতে এজনকৈ ক’ৰোণাত আক্ৰান্ত ৰোগী থাকিব পাৰিব। লগতে পৃথককৈ চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য বিভাগৰ কৰ্মীৰ বাবেও কেবিনৰ ব্যৱস্থা কৰা হৈছে।
আইছ’লেছন ৱাৰ্ড হিচাপে সজাই তোলা কেবিন কেইটাৰ তলৰ বাৰ্থ খন ৰাখি বাকী কেইখন আঁতৰাই দিয়া হৈছে। উল্লেখযোগ্য যে, ৬ এপ্ৰিলৰ ভিতৰত এনেকুৱা ২৮ টা কেবিন আইছ’লেছন ৱাৰ্ড হিচাপে সজাই তোলা হ’ব।
উল্লেখযোগ্য যে, প্ৰত্যেকদিনাই ১৩,৫২৩ খন ৰে’ল দেশৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰে। কিন্তু ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অহা ১৪ এপ্ৰিল পৰ্যন্ত ৰে’ল সেৱা বাতিল কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|