COVID-19 in India: ২৪ ঘণ্টাত অভিলেখসংখ্যক ৩.৮৬ লাখ লোক ক'ৰোনাৰ কবলত, বিপৰীতে সুস্থ হ'ল ২.৯১ লাখ

News18 Assam | News18-Assam
Updated:April 30, 2021, 8:51 AM IST
COVID-19 in India: ২৪ ঘণ্টাত অভিলেখসংখ্যক ৩.৮৬ লাখ লোক ক'ৰোনাৰ কবলত, বিপৰীতে সুস্থ হ'ল ২.৯১ লাখ
Source-Google

২৪ ঘণ্টাত দেশত অভিলেখসংখ্যক ৩ লাখ ৮৬ হাজাৰ ৮৫৪ জন লোক ক'ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। এইটো এতিয়ালৈকে এদিনৰ ভিতৰত পোৱা সৰ্বাধিক সংখ্যক নতুন ৰোগী।

  • Share this:
যোৱা ২৪ ঘণ্টাত দেশত অভিলেখসংখ্যক ৩ লাখ ৮৬ হাজাৰ ৮৫৪ জন লোক ক'ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। এইটো এতিয়ালৈকে এদিনৰ ভিতৰত পোৱা সৰ্বাধিক সংখ্যক নতুন ৰোগী। ইয়াৰ আগতে, ২৮ এপ্ৰিলত সৰ্বাধিক ৩.৮৬ লাখ ৰোগী চিনাক্ত কৰা হৈছিল।

বৰ্ধিত ক'ৰোনা কেছৰ মাজত কোভিড-১৯ৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। এইটো একেৰাহে তৃতীয় দিন য'ত ৩হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ভাঙি পৰা স্বাস্থ্য সেৱাৰ মাজত ক'ৰোনা ৰোগীৰ বৰ্ধিত সংখ্যাই সমস্যাৰ সৃষ্টি কৰিছে। দেশত ৩১ লাখ ৬৪ হাজাৰ ৮২৫ জন সক্ৰিয় আক্ৰান্ত আছে। বৰ্ধিত ক'ৰোনা ৰোগীৰ বাবে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ স্থানলৈ উন্নীত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ৬৮লাখ সক্ৰিয় ৰোগী আছে।

ক'ৰোনাৰ বৰ্ধিত সক্ৰিয় ঘটনাৰ মাজত, ভাল খবৰ এয়াই যে ভাৰতত ক'ৰোনাৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যাই ডেৰ কোটি অতিক্ৰম কৰিছে। দেশখনত এতিয়ালৈকে ১ কোটি ৫০লাখ ৭৮ হাজাৰ লোক সুস্থ হৈছে।
Published by: Kokil Sarma
First published: April 30, 2021, 8:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি