মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid 19 Vaccine : ভাল খবৰ! ডিচেম্বৰৰ ভিতৰত সমগ্ৰ ভাৰতবাসীক দিয়া হ’ব কোৰোণাৰ প্ৰতিষেধক। উৎপাদন হ’ব ২১৬ কোটিৰ অধিক কোৰোণা প্ৰতিষেধক।

Covid 19 Vaccine : ভাল খবৰ! ডিচেম্বৰৰ ভিতৰত সমগ্ৰ ভাৰতবাসীক দিয়া হ’ব কোৰোণাৰ প্ৰতিষেধক। উৎপাদন হ’ব ২১৬ কোটিৰ অধিক কোৰোণা প্ৰতিষেধক।

News18 Assam | News18-Assam
Updated:May 14, 2021, 8:48 AM IST
Covid 19 Vaccine : ভাল খবৰ! ডিচেম্বৰৰ ভিতৰত সমগ্ৰ ভাৰতবাসীক দিয়া হ’ব কোৰোণাৰ প্ৰতিষেধক। উৎপাদন হ’ব ২১৬ কোটিৰ অধিক কোৰোণা প্ৰতিষেধক।
তেতিয়ালৈ ভাৰতত ৮টা বিভিন্ন প্ৰতিষেধক উপলব্ধ হ’ব। এতিয়া ভাৰতত কোভাক্সিন (Covaxin) আৰু কোভিশ্বীল্ড (Covishield) প্ৰতিষেধকহে প্ৰদান কৰি থকা হৈছে। 

তেতিয়ালৈ ভাৰতত ৮টা বিভিন্ন প্ৰতিষেধক উপলব্ধ হ’ব। এতিয়া ভাৰতত কোভাক্সিন (Covaxin) আৰু কোভিশ্বীল্ড (Covishield) প্ৰতিষেধকহে প্ৰদান কৰি থকা হৈছে। 

  • Share this:
চলিত বৰ্ষৰ শেষ ভাগলৈ দেশৰ সকলো লোককে প্ৰদান কৰিব পৰা যাব কোৰোণাৰ প্ৰতিষেধক। ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ দেশবাসীক প্ৰতিষেধক প্ৰদানৰ কাম সম্ভৱ হ’ব বুলি আশা কৰিছে কেন্দ্ৰীয় চৰকাৰে। নিটি (NITI ) আয়োগৰ সদস্য ডঃ ভি কে পলে জনাইছে এই ভাল খবৰটো।

আগষ্টৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ভাৰতত প্ৰায় ২১৬ কোটি কোৰোণা প্ৰতিষেধক উৎপাদন কৰিব পৰা হ’ব বুলি কয়  ডঃ ভি কে পলে। ইয়াৰ ফলত দেশৰ সকলো লোকে প্ৰতিষেধক ল’ব পাৰিব আৰু তাৰ পিছতো প্ৰতিষেধক থাকি যাব।

ডঃ পলে জানিব দিয়া মতে তেতিয়ালৈ ভাৰতত ৮টা বিভিন্ন প্ৰতিষেধক উপলব্ধ হ’ব। এতিয়া ভাৰতত কোভাক্সিন আৰু কোভিশ্বীল্ড প্ৰতিষেধকহে প্ৰদান কৰি থকা হৈছে।

অতি শেহতীয়াকৈ ভাৰতত ৰাছিয়াৰ ভেকচিন স্পুটনিক-V(Sputnik-V) জৰুৰীকালীনভাৱে প্ৰদানৰ অনুমতি দিয়া হৈছে আৰু ইতিমধ্যে স্পুটনিক-Vৰ দুটা চালান (Consignment) ভাৰত আহি পাইছে।

আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত ভাৰতত উপলব্ধ হ’ব ২১৬ কোটি প্ৰতিষেধক। কি কি প্ৰতিষেধক কিমান পৰিমাণত উপলব্ধ হ’ব?

প্ৰতিষেধককেইটা আৰু উৎপাদন হ’বলগীয়া ড’জৰ পৰিমাণ হৈছে এনেধৰণৰ-

কোভিশ্বীল্ড (Covishield) : ৭৫ কোটি পালি



কোভাক্সিন (Covaxin) : ৫৫ কোটি পালি


বায়’ ই ছাবইউনিত প্ৰতিষেধক (Bio E subunit vaccine) : ৩০ কোটি পালি


ঝাইডাছ কেডিলা ডিএনএ (Zydus Cadila DNA) : ৫ কোটি পালি


নোভাভেক্স (Novavax) : ২০ কোটি পালি


ভাৰত বায়’টেক ইন্ট্ৰানাছাল (Bharat Biotech intranasal) : ১০ কোটি পালি


জেনোভা এম আৰ এন এ (Genova mRNA) : ৬ কোটি পালি


স্পুটনিক-V (Sputnik V) :  ১৫.৬ কোটি পালি


উল্লেখ্য যে এই প্ৰতিষেধক কেইটাৰ উপৰিও বিশ্বত বৰ্তমান ফাইজাৰ (Pfizer-BioNTech), জনছন এণ্ড জনছন (Johnson and Johnson), মডাৰ্ণা (Moderna) আৰু চীনৰ ছিনোফাৰ্ম (Sinopharm) প্ৰতিষেধককেইটা বিভিন্ন দেশত প্ৰদান কৰি থকা হৈছে।

ভাৰত চৰকাৰেও ইউৰোপ, আমেৰিকা, জাপান আৰু ইংলেণ্ডত অনুমোদন পোৱা আৰু বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তালিকাত থকা প্ৰতিষেধক জৰুৰীকালীনভাৱে প্ৰদানৰ অনুমোদন দি থৈছে। গতিকে উপৰি উক্ত প্ৰতিষেধক চাৰিটাও অচিৰেই ভাৰতত ভুমুকি মাৰিব পাৰে। ফাইজাৰ, জনছন এণ্ড জনছন আৰু মডাৰ্ণা আৰম্ভণিৰ পৰাই চৰকাৰেযোগাযোগ কৰি আছে বুলিও জনায় ডঃ পলে।

উল্লেখ্য যে কোৰোণাৰ প্ৰতিষেধকৰ যোগান বৃদ্ধি কৰিবলৈ ভাৰত বায়’টেকে কোভাক্সিন উৎপাদন কৰিবলৈ অন্য কোম্পানীসমূহক কোভাক্সিনৰ ফৰ্মূলা দিবলৈ ৰাজী হৈছে।

ভাৰতত এতিয়ালৈ ১৭ কোটি ৭২ লাখৰ অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে। দেশৰ ১৩০ কোটিৰ অধিক জনসংখ্যাৰ তুলনাত এই পৰিমাণ নিচেই কম। সেয়ে প্ৰতিষেধকৰ উৎপাদন বৃদ্ধিৰ বাবে সম্ভৱপৰ সকলো পন্থা হাতত লোৱাৰ চেষ্টা কৰিছে চৰকাৰে।
Published by: Manjumoni Borah
First published: May 14, 2021, 8:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি