• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid 19 India : হোম আইছ’লেচনৰ নতুন উপায় উলিয়ালে এজনে! ১১ দিন কটালে গছৰ ওপৰত।

Covid 19 India : হোম আইছ’লেচনৰ নতুন উপায় উলিয়ালে এজনে! ১১ দিন কটালে গছৰ ওপৰত।

তেলেংগানাৰ নালগোণ্ডা জিলাৰ ১৮ বছৰীয়া ছাত্ৰ শিৱাই হোম আইছ’লেচনৰ সময়ত ঘৰত নাথাকি ১১ দিন থাকিল গছত। 

তেলেংগানাৰ নালগোণ্ডা জিলাৰ ১৮ বছৰীয়া ছাত্ৰ শিৱাই হোম আইছ’লেচনৰ সময়ত ঘৰত নাথাকি ১১ দিন থাকিল গছত। 

তেলেংগানাৰ নালগোণ্ডা জিলাৰ ১৮ বছৰীয়া ছাত্ৰ শিৱাই হোম আইছ’লেচনৰ সময়ত ঘৰত নাথাকি ১১ দিন থাকিল গছত। 

  • Share this:
কোৰোণাই বিধ্ৱস্ত কৰছে সকলোকে। তাৰ মাজতে  দুই এটা খবৰ এনেকুৱা আহে যে আচৰিত নহৈ নোৱাৰি। তেনে এক ঘটনা ঘটিছে তেলেংগানাত।

সমগ্ৰ দেশত এতিয়া চিকিৎসালয়ত বিছনা, অক্সিজেন, ঔষধ, ভেণ্টিলেটৰৰ নাটনিৰ বাতৰি। স্ৱাভাৱিকতে সাধাৰণ লক্ষণ থকা কোৰোণা পজিটিভ ৰোগীক হোম আইছ’লেচনত থকাৰ পৰামৰ্শ দিয়ে চিকিৎসকে।

হোম আইছ’লেচনত থাকিব দিয়া এজন লোকে ঘৰত আছুটিয়াকৈ থকাৰ বিপৰীতে ১১ দিন কটালে গছৰ ওপৰত। তেলেংগানাৰ নালগোণ্ডা জিলাৰ ১৮ বছৰীয়া এজন ছাত্ৰক হোম আইছ’লেচনত থাকিব দিয়াত ঘৰত নাথাকি ১১ দিন থাকিল গছত।

শিৱা নামৰ ছাত্ৰজনৰ ৪ মে’ত কোৰোণা পৰূক্ষা কৰোতে পজিটিভ আহিছিল। ঘৰত পৃথক কৈ থকাৰ সুবিধা নথকাৰ বাবে আৰু গাঁৱটো কোনো আইছ’লেচন চেণ্টাৰ নথকাৰ বাবে এনেদৰে গছত ১১ দিন কটালে শিৱাই।
Published by:Manjumoni Borah
First published: