স্পুটনিক-V ভেকচিনৰ বজাৰ মূল্য ১০০০টকা। Dr Reddy's প্ৰয়োগশালাৰ বিষয়া দীপক চাপৰাই গ্ৰহণ কৰিছে প্ৰথম পালি Sputnik V ভেকচিন।
স্পুটনিক-V ভেকচিনৰ বজাৰ মূল্য ১০০০টকা। Dr Reddy's প্ৰয়োগশালাৰ বিষয়া দীপক চাপৰাই গ্ৰহণ কৰিছে প্ৰথম পালি Sputnik V ভেকচিন।
আজিৰ পৰা ভাৰতত আৰম্ভ হ’ল ৰাছিয়ান স্পুটনিক-V প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। ৰাছিয়ান স্পুটনিক-V (Sputnik V)ৰ প্ৰথম পালি প্ৰদান কৰা হ’ল আজি । হায়দৰাবাদত প্ৰদান কৰা হ’ল এই স্পুটনিক-V ভেকচিন ।
স্পুটনিক-V ভেকচিনৰ বজাৰ মূল্য ১০০০টকা। ভাৰতত Dr Reddy'sএ এই ভেকচিনৰ বিপণন আৰু বিতৰণৰ (Marketing and Distribution) দায়িত্ব লৈছে ।
Dr Reddy's প্ৰয়োগশালাৰ Custom Pharma Servicesৰ Global Head দীপক চাপৰাই গ্ৰহণ কৰিছে প্ৰথম পালি Sputnik V ভেকচিন। ইয়াৰ পিছতে তেওঁ দেশত প্ৰথম পালি বিদেশী ভেকচিন লোৱা প্রথম গৰাকী ব্যক্তি ৰূপে পৰিগণিত হৈছে ।
যোৱা ১৩মে’ত কেন্দ্ৰীয় ঔষধ লেবৰটৰীয় (Central Drugs Laboratory)য়ে ভাৰতত ব্যৱহাৰৰ কাৰণে অনুমোদন জনাইছিল ৰাছিয়ান ভেকচিনৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|